NORTHEAST NOW (Assamese)

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

August 23, 2025 8:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 23, 2025 8:02 pm

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ১৩ ছেপ্টেম্বৰত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিবলৈ আগবাঢ়িছে। এই উপলক্ষে বিশ্ববিদ্যালয়খনে মানৱতাবাদ আৰু সাংস্কৃতিক গৌৰৱ সৃষ্টি কৰা কিংবদন্তি গায়ক, গীতিকাৰ, সুৰকাৰ আৰু চলচ্চিত্ৰ নিৰ্মাতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

প্ৰতিযোগিতাসমূহৰ ভিতৰত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, “ভূপেন হাজৰিকাৰ গীতত মানৱতাবাদ” শীৰ্ষক ৰাজ্যিক পৰ্যায়ৰ ৰচনা প্ৰতিযোগিতা আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ প্ৰতিযোগিতা অন্তৰ্ভুক্ত থাকিব বুলি জনাইছে।

বিশ্ববিদ্যালয়ৰ বিষয়াসকলে জনোৱা মতে, এই প্ৰতিযোগিতাসমূহৰ বিজয়ীসকলক পুৰস্কাৰ হিচাপে ধন আৰু প্ৰশংসাপত্ৰ প্ৰদান কৰা হ’ব।

° হাজৰিকাৰ শিল্প, সাহিত্য আৰু সংগীতৰ প্ৰতি অতুলনীয় অৱদানক সন্মান জনোৱাৰ লগতে তেওঁৰ সৃষ্টিত প্ৰতিফলিত হোৱা ঐক্য, মমতা আৰু সামাজিক দায়বদ্ধতাৰ কালজয়ী মূল্যবোধেৰে আজিৰ যুৱ সমাজক অনুপ্ৰাণিত কৰাৰ লক্ষ্যৰে এই বিশেষ অনুষ্ঠান আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে বিশ্ববিদ্যালয় কৃতিপক্ষই।

Related News