NORTHEAST NOW (Assamese)
Popular Stories

দার্শনিক গিৰীশ বৰুৱালৈ ‘শ্রেষ্ঠ বিদ্যায়তনিক গৱেষক’ৰ সন্মান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 4, 2026 2:49 pm

দার্শনিক গিৰীশ বৰুৱালৈ তামিলনাডুস্থিত ভাৰতীয় বিদ্যায়তনিক গৱেষক সংস্থাই ২০২৫ বৰ্ষৰ বিদ্যায়তনিক শ্রেষ্ঠ গৱেষকসন্মান আগবঢ়াইছে। নিৰলস সাধনাৰে অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাললৈ বৰুৱাই ইতিমধ্যে ১১৪ খনতকৈও অধিক গ্ৰন্থ আগবঢ়াইছে।

উল্লেখ্য যে দেৰগাঁওস্থিত ডি.কে.ডি. কলেজৰ দৰ্শন বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক বৰুৱাই জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাগ্ৰন্থৰ বাবে ১৯৯১ চনত অসম সাহিত্য সভাৰ অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটালাভ কৰে। শেহতীয়াকৈ তেখেতে কাৰ্ল মাৰ্ক্সৰ বিশ্ববিখ্যাত গ্ৰন্থ দাচ কেপিটেলৰ প্ৰথম খণ্ডটো অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰিছে।

দার্শনিক হিচাপে বৌদ্ধিক সমাজৰ মাজত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা বৰুৱা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনপ্ৰাপ্ত ব্যক্তি। তেখেতে জীৱনৰ সৰহসংখ্যক সময় জ্ঞানৰ সাধনাতে জড়িত হৈ আহিছে আৰু এতিয়াও নিজকে জ্ঞানৰ অন্বেষণত ব্যস্ত ৰাখিছে। তেখেতলৈ আগবঢ়োৱা এই স্বীকৃতিত গুণমুগ্ধসকল যথেষ্ট আহ্লাদিত হোৱাৰ লগতে তেখেতলৈ অশেষ শুভকামনা জনাইছে।