NORTHEAST NOW (Assamese)

জাগুনত বিদ্যুৎস্পৃষ্ট হৈ কিশোৰীৰ কৰুণ মৃত্যুত শোকৰ ছাঁ

July 19, 2021 8:30 pm · মানস প্ৰতিম গগৈ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনৰ তিনি নং ৰামপুৰত এক শোকাৱহ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে।

প্ৰাপ্তখবৰ অনুসৰি কালি দিনৰ ভাগত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে।

গা ধুবলৈ পানী মটৰৰ চুইচ অন কৰিব লোৱাৰ সময়ত এই দুৰ্ঘটনাটো সংঘটিত হয়।

নলনি নিপুন(১৭) নামৰ কিশোৰী গৰাকীক সংকটজনক অৱস্থাত মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছিল যদিও কিশোৰী গৰাকীয়ে মৃত্যুবৰণ কৰে।

কিশোৰী গৰাকীৰ মৃত্যুত এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

Related News