NORTHEAST NOW (Assamese)
অসম

ৰুক্মিণী নগৰৰ ভাড়াঘৰত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত যুৱতী উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 7, 2019 5:03 pm
Guwahati girl

গুৱাহাটী মহানগৰীৰ ৰুক্মিণী নগৰত এগৰাকী যুৱতীক নিজ ভাড়াঘৰত দুৰ্বৃত্তই আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰা ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত।

সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি, ৰুক্মিণী নগৰৰ নামঘৰ পথৰ হাউছ নং ৭ ৰ এটা ভাড়াঘৰত থকা দেৱীনা বৰুৱা নামৰ যুৱতীগৰাকীক ভাড়াঘৰতে দুৰ্বৃত্তই আক্ৰমণ কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

ভাড়াঘৰৰ বিছনাতে তেজেৰে লুতুৰি পুতুৰি অৱস্থাত পৰি থকা যুৱতীগৰাকীক উদ্ধাৰ কৰি বৰ্তমান সংকটজনক অৱস্থাত  দিছপুৰ জি এন আৰ চি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

চিকিৎসকে অৰ্ধচেতন অৱস্থাত চিকিৎসালয়ত ভৰ্তি কোৰোৱা যুৱতীগৰাকীয়ে মুৰত গুৰুতৰভাৱে আঘাত পোৱা বুলি জানিবলৈ দিয়ে।

ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নায়।

উল্লেখযোগ্য যে, দেৱীনা বুৰৱা নামৰ যুৱতীগৰাকী বিগত এবছৰ ধৰি নামঘৰ পথত অকলশৰীয়াকৈ ভাড়াঘৰত বাস কৰি আছিল।

আনহাতে, ভাড়াঘৰটোৰ মালিকে জনোৱা অনুসৰি যুৱতীগৰাকীৰ ঘৰ গুৱাহাটীৰ হাতীগাঁৱত। স্থানীয় লোকে এয়া পৰিকল্পিত হত্যাৰ চেষ্টা বুলি সন্দেহ প্ৰকাশ কৰিছে।