NORTHEAST NOW (Assamese)
অসম

প্ৰেম প্ৰত্যাখ্যান : মহানগৰীত যুৱতীক হত্যা কৰিলে প্ৰেমিকে

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী December 15, 2021 5:52 pm

গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

ঘটনা অনুসৰি প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে প্ৰেমিকাক হত্যা কৰে প্ৰেমিকে।

মাতৃৰ সন্মুখতেই গাড়ীৰ পৰা টানি আনি দাৰে ডিঙি ৰেপি হত্যা কৰে উদণ্ড যুৱকজনে।

আৰক্ষীয়ে পলাতক হত্যাকাৰী জনক বিচাৰি অভিযান চলাই আছে।

উল্লেখ্য যে, আমছিং যোৰাবাটৰ শান্তি বস্তিৰ বাসিন্দা সঞ্জয় লালুঙে দীৰ্ঘদিন ধৰি ওচৰৰ মৰমী তাঁতীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল।

কলেজীয়া ছাত্ৰী গৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে এই নৃশংস হত্যাকাণ্ডতো সংঘটিত হয়।

আমছিং যোৰাবাটৰ শান্তি বস্তিৰ বাসিন্দা সঞ্জয় লালুঙে দীৰ্ঘদিন ধৰি ওচৰৰ মৰমী তাঁতীক প্ৰেমৰ প্ৰস্তাব দি আহিছিল।

কলেজীয়া স্নাতকৰ ছাত্ৰী গৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে এই নৃশংস হত্যা কাণ্ডতো সংঘটিত হয়।