NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত টিউচনলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা ছাত্ৰী ববিতা দাস সন্ধানহীন, ওলোৱা নাই কোনো শুংসূত্ৰ

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও November 1, 2021 1:53 pm
বঙাইগাঁৱত টিউচনলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা ছাত্ৰী ববিতা দাস সন্ধানহীন, ওলোৱা নাই কোনো শুংসূত্ৰ

বঙাইগাঁও চহৰৰ নতুন পাৰা মিছন ৰোডৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী যোৱা ২৮ অক্টোৱৰৰ পৰাই নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে ৷

ববিতা দাস ( ১৬) নামৰ ছাত্ৰীগৰাকীয়ে উক্ত দিনা আবেলি দুই মান বজাত টিউচনলৈ বুলি ঘৰৰ পৰা ওলাই অহাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে ৷

আনকি ছাত্ৰীগৰাকী লগত থকা ৯৩৯৫৬৯০৪৮৪ আৰু ৯৩৯৫৬৭৪৮৪২ মোবাইল নম্বৰ দুটাও বন্ধ হৈ আছে ৷

সেইদৰে পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীৰ জন্মৰ প্ৰমাণ পত্ৰৰ লগতে অন্যান্য নথি পত্ৰসমূহো ঘৰত বিচাৰি পোৱা নাই ৷

নিৰুদ্দিষ্ট ছাত্ৰীগৰাকী বেছি বগা নোহোৱাৰ লগতে উচ্চতা আনুমানিক ৪ ফুট হ’ব ৷

মাতৃভাষা অসমীয়া যদিও হিন্দীও ক’ব পাৰে ৷

পৰিয়ালৰ লোকে ছাত্ৰীগৰাকী নিৰুদ্দে হোৱা ঘটনা সন্দৰ্ভত ইতিমধ্যে উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰিছে ৷