NORTHEAST NOW (Assamese)

শ্ৰেণী চলি থকাৰ মাজতে হাৰ্ট এটেক, মৃত্যু ছাত্ৰীৰ! শেষ মুহূৰ্তৰ ভিডিঅ’ চালে ৰখাব নোৱাৰিব চকুপানী

December 14, 2024 11:27 am · এন ই নাও নিউজ, গুৱাহাটী

শ্ৰেণীত পাঠদান চলি আছিল। শিক্ষয়ত্ৰী এগৰাকীয়ে পঢ়াই আছিল। বান্ধৱীসকলৰ লগত বহি তেওঁও পাঠদান শুনি আছিল। তেতিয়াই শ্ৰেণীৰ ভিতৰতে ঘটিল হাৰ্ট এটেক। মৃত্যুৰ কোলাত ঢলি পৰিল নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকী। তামিলনাডুৰ ৰানিপেটৰ ​​এখন বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।এই চাঞ্চল্যকৰ ঘটনাটো চিচিটিভিৰ ফুটেজত ধৰা পৰিছে।

জানিব পৰা মতে, পুৱা প্ৰায় ১১:৩০ বজাত এই ঘটনা সংঘটিত হয়। যোৱা ১০ ডিচেম্বৰত তামিলনাডুৰ ৰানিপেটৰ ​​চেন্নাই-বেংগালুৰু ঘাইপথত অৱস্থিত এখন ব্যক্তিগত বিদ্যালয়ত সংঘটিত হৈছিল এই ঘটনা। ক্লাছৰ সময়ত হঠাৎ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকী অচেতন হৈ পৰে। লগে লগে তেওঁক মেলবিশৰামৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়।

হাস্পাতালত চিকিৎসকে তেওঁক ‘মৃত’ বুলি ঘোষণা কৰে। ডাক্তৰে কয় যে তেওঁৰ হৃদৰোগৰ সমস্যা আছিল। হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হয় ছাত্ৰীগৰাকীৰ। মৃত ছাত্ৰীগৰাকীৰ নাম অদ্বিতা। বয়স ১৪ বছৰ। মৃত ছোৱালীজনীৰ পিতৃও এজন ডাক্তৰ। নাম কে বসন্তকুমাৰ। তেওঁ ভেল্লোৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছালৰ ৰোগ বিভাগৰ মুৰব্বী বুলি জানিব পৰা গৈছে।

ঘটনাৰ পিছতে কাবেৰীপক্কাম আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ভেল্লোৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এতিয়া শ্ৰেণীকোঠাৰ সমগ্ৰ ঘটনাটো চিচিটিভি কেমেৰাত ধৰা পৰিছে। সেই ছাত্ৰীগৰাকীৰ শেষ মুহূৰ্তখিনি তাতেই দেখা যায়। ভিডিঅ’টোত দেখা যায়, হঠাৎ অদ্বিতাই পাঠদান শুনি থাকোঁতে সহপাঠীৰ কান্ধত হালি ঢলি পৰে। তাৰ পিছতে অজ্ঞান হৈ পৰে।

অদ্বিতাৰ চেতনা হেৰাই যোৱা দেখি সহপাঠীসকলে চিঞৰি চিঞৰি শিক্ষয়ত্ৰীক মাতিলে। আনহাতে অদ্বিতাৰ চেতনা ঘূৰাই আনিবলৈ তেওঁক জোকাৰি থাকে। কিন্তু অদ্বিতাই কেতিয়াও চেতনা ঘূৰাই নাপালে। লগে লগে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

Related News