NORTHEAST NOW (Assamese)
অসম

আপোনাৰ সামান্য সহায়ে নৱজীৱন দান কৰিব পাৰে আইছাক

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা February 12, 2021 8:03 am
Screenshot_20210212-072508_Polish

 এটি দৰিদ্ৰ পৰিয়াললৈ সম্প্ৰতি নামি আহিছে কাল ধুমুহা!  নগাঁও পুৰণিগুদামৰ ন’আলিমুৰৰ ৱাছাদুৰ  ৰহমানৰ ঘৰত এতিয়া নিস্তব্ধতা।

কাৰণ তেওঁৰ জ্যেষ্ঠ কন্যা শেহতীয়াকৈ আক্ৰান্ত হৈছে এক দুৰাৰোগ্য ৰোগত।

স্নাতক ডিগ্ৰীধাৰী আইছা চিদ্দিকা নামৰ যুৱতী গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত যোৱা সপ্তাহতে ধৰা পৰিছে মগজুৰ এক জটিল ৰোগ।

আৰ্থিক অনাটনৰে জুৰুলা কৰা দৰিদ্ৰ পৰিয়ালটোৰ বাবে এই দুঃখবৰ হৈ পৰিছে অত্যাধিক চিন্তাৰ কাৰণ।

ৰোগগ্ৰস্ত আইছাৰ উন্নত চিকিৎসাৰ লগতে গুৱাহাটীৰ অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ ক্ৰমে মগজুৰ এটি জটিল অস্ত্ৰোপচাৰ শীঘ্ৰে সমাপন কৰাতো বিশেষভাৱে জৰুৰী হৈ পৰিছে।

মছজিদৰ পৰা পোৱা টকা কেইটাৰে কোনোমতে ঘৰ খন পোহপাল দি থকা ৱাছাদুৰ ৰহমানক এতিয়া জ্যেষ্ঠ কন্যাৰ উন্নত চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ বাবে শীঘ্ৰে প্ৰয়োজন প্ৰায় তিনি/চাৰি লাখ টকা।

যাৰ বাবে এতিয়া উপায়হীন হৈ পৰিছে আৰ্থিকভাৱে দুৰ্বল লোকজনৰ পৰিয়ালটো।

চৰম অৰ্থ-সংকটত পৰা তথা চিন্তাত বিহ্বল আইছাৰ পিতৃ-মাতৃয়ে এনে বিপদৰ সময়ত সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰৰ লগতে অসমবাসীৰ পৰা কৰযোৰে বিচাৰিছে সহায়ৰ হাত।

গতিকে প্ৰয়োজনীয় অৰ্থ-সাহায্য কোনো হৃদয়বান  লোকে যথাসাধ্য আগবঢ়াব বিচাৰিলে IFSC: PUNB0064020 নম্বৰ যুক্ত পাঞ্জাব নেশ্বনেল বেংকৰ পুৰণিগুদাম শাখাত আইছাৰ পিতৃ WASHADUR RAHMANৰ নামত থকা 0640010271158 নম্বৰ একাউণ্টত প্ৰদান কৰি পৰিয়ালটোক কৃতাৰ্থ কৰিবৰ বাবে সবিনয় আহ্বান জনাইছে পিতৃ-মাতৃয়ে।

আৰ্থিকভাৱে  দুৰ্বল পৰিয়ালৰ এগৰাকী উঠি অহা যুৱতীক আপোনাৰ অকনমান সহায়ে যদি জীৱন দান দিয়ে তেন্তে সেয়া নিশ্চয়  এক মহৎ-কৰ্ম ৰূপে বিবেচিত হ’ব ।