NORTHEAST NOW (Assamese)
Popular Stories

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 9, 2023 8:06 pm
কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

বহু সময়ত ঘৰৰ মানুহে যদি ভালপোৱাৰ সম্পৰ্ক মানি নলয় তেন্তে বহু  প্ৰেমিক-প্ৰেমিকাই বেলেগ বেলেগ বাটত খোজ দিবলৈ সাজু হয়। আজিৰ যুগত ল’ৰা-ছোৱালীয়ে ইজনে সিজনৰ প্ৰতি আকৰ্ষিত হৈ প্ৰেমত পৰাটো সাধাৰণ হৈ পৰিছে। কিছুমান পৰিস্থিতিত বিষয়টো এনে পৰ্যায় পায়গৈ যে মানুহ ইজনে সিজনৰ বাবে মৰিবলৈকো সাজু হয়। 

এনে পৰিস্থিতিৰ কথা উল্লেখ আছে জ্যোতিষ শাস্ত্ৰত। জ্যোতিষ শাস্ত্ৰৰ মতে এনে কেইটামান ৰাশি আছে যি ৰাশিৰ জাতিকাই প্ৰেমিকক কেতিয়াও প্ৰৱঞ্চনা নকৰে। বৰঞ্চ প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ, সকল পৰিস্থিতিৰে সৈতে যুঁজিবলৈ সাজু হৈ থাকে। আহকচোন জানো, কোনোকেইটা ৰাশিৰ জাতিকাই প্ৰেমৰ বাবে সকলো কৰিবলৈ সাজু থাকে- 

ধনু ৰাশি

এই ৰাশিৰ ছোৱালীবোৰে নিজতকৈ বেছি নিজৰ সংগীৰ অনুভৱ আৰু সুখৰ কথা চিন্তা কৰে। এনে কাৰণতে তেওঁলোকৰ প্ৰেম জীৱনটো বহুত ভাল। কাৰণ এই ৰাশিৰ ছোৱালীৰ হৃদয়খন বৰ নিৰ্মল। প্ৰেমৰ বিষয়ে তেওঁলোক অতি স্পষ্ট আৰু কোনো ধৰণৰ অভিনয় নাই। জ্যোতিষৰ মতে এই ৰাশিৰ যুৱতীৰ প্ৰেমিক সকল খুবেই ভাগ্যৱান।

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতিকা সংগীৰ সুখত সুখী হয়। এই স্বভাৱৰ বাবেই তেওঁলোকৰ সম্পৰ্কৰ বন্ধন দৃঢ় হৈ পৰে। সিংহ ৰাশিৰ ছোৱালীক অধিক ৰোমান্টিক প্ৰকৃতিৰ বুলি গণ্য কৰা হয়। প্ৰেমৰ অনুভৱ জাগ্ৰত হ’লে সিংহ ৰাশিৰ ছোৱালীয়ে নিজৰ সংগীৰ আগত নিজৰ মনৰ কথা ক’বলৈ কুণ্ঠাবোধ নকৰে।

মকৰ ৰাশি

যদি আপোনাৰ সংগী মকৰ ৰাশি হয় তেন্তে আপুনি ভাগ্যৱান। মকৰ ৰাশিৰ ছোৱালীয়ে নিজৰ সংগীৰ প্ৰতিটো সৰু সৰু সুখ, ভাল লগা বেয়ালগা আদিৰ যত্ন লয়। এনে পৰিস্থিতিত তেওঁলোকে প্ৰেম পাবলৈ আৰু সম্পৰ্কটো সতেজ কৰি ৰাখিবলৈ যিকোনো পৰিস্থিতিলৈ যাবলৈ সাজু হৈ থাকে।

মিথুন ৰাশি

জ্যোতিষ শাস্ত্ৰৰ মতে মিথুন ৰাশি জাতক জাতিকা সকলে প্ৰেম জীৱনত ৰোমাঞ্চ আৰু প্ৰেম বজাই ৰাখিবলৈ সদায় নতুন আৰু ৰোমাঞ্চকৰ কিবা এটা কৰিবলৈ ভাল পায়। এওঁলোকৰ জীৱনত প্ৰেমৰ গুৰুত্ব আটাইতকৈ বেছি। তেওঁলোকে নিজৰ চিন্তা-ধাৰণা সমূহ নিজৰ সংগীৰ লগত আলোচনা কৰে। মিথুন ৰাশিৰ ছোৱালীয়ে এবাৰ প্ৰেমত পৰিলে নিজৰ হৃদয়ৰ সৈতে সংযোগ স্থাপন কৰে।