NORTHEAST NOW (Assamese)
Popular Stories

আন্ত: ৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ দ্বিতীয় শীৰ্ষ বিষয়া হিচাপে নিযুক্ত ভাৰতীয় মূলৰ গীতা গোপীনাথ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 3, 2021 4:18 pm
Gita Gopinath

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ যোগ্যতাৰ বলত আকৌ এবাৰ উচ্চ স্থানত অধিষ্ঠিত হৈছে এগৰাকী ভাৰতীয় মূলৰ মহিলা। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (IMF) ৰ দ্বিতীয় শীৰ্ষ পদবীত নিযুক্ত হৈছে ভাৰতীয় মূলৰ গীতা গোপীনাথ।

IMF ৰ প্ৰথম উপ-পৰিচালনা সঞ্চালক হিচাপে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থকা জেফ্ৰি ওকামোটোৰ উত্তৰাধিকাৰী হিচাপে নিযুক্ত হ’ব গীতা গোপীনাথ। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুৰব্বী ক্ৰিষ্টালিনা জৰ্জিভাৰ অধীনত তেওঁ সেৱা আগবঢ়াব। প্ৰথমবাৰৰ বাবে দুগৰাকী মহিলাই সংস্থাটোৰ শীৰ্ষ নেতৃত্বৰ ভূমিকা পালন কৰিছে।

IMF ৰ মুৰব্বী জৰ্জিভাই গোপীনাথক নেতৃত্বৰ ভূমিকা ল’বলৈ “সঠিক সময়ত সঠিক ব্যক্তি” বুলি অভিহিত কৰিছে।

“বিশেষকৈ এই মহামাৰীৰ ফলত আমাৰ সদস্য দেশসমূহে সন্মুখীন হোৱা অৰ্থনৈতিক প্ৰত্যাহ্বানৰ পৰিমাণ আৰু পৰিসৰ বৃদ্ধি পাইছে। মই বিশ্বাস কৰোঁ যে বিশ্বৰ অন্যতম আগশাৰীৰ বৃহত্তৰ অৰ্থনীতিবিদ হিচাপে সাৰ্বজনীনভাৱে স্বীকৃত গীতাৰ এই মুহূৰ্তত IMF ৰ প্ৰথম উপ-পৰিচালনা সঞ্চালক ভূমিকাৰ বাবে প্ৰয়োজনীয় দক্ষতা আছে।” জৰ্জিভাই বিবৃতিটোত কয়।

২০১৮ চনৰ অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য অৰ্থনীতিবিদৰ ভূমিকাত নিযুক্ত হৈছিল। নিকটভাৱে দৃষ্টি ৰখা ত্ৰৈমাসিক বিশ্ব অৰ্থনৈতিক দৃষ্টিভংগী প্ৰস্তুত কৰা IMF দলৰ নেতৃত্ব দিয়া অৰ্থনীতিবিদজন কোভিড-19 মহামাৰীৰ সময়ত অধিক জনপ্ৰিয় হৈ পৰিছিল।