NORTHEAST NOW (Assamese)

ভাৰতত ক’ভিড চিকিৎসাৰ দৰৱ মুকলি গ্লেনমাৰ্কৰ, এটা টেবলেটৰ দাম ১০৩ টকা

June 20, 2020 11:09 pm · এন ই নাও নিউজ
Updated: June 20, 2020 11:10 pm

দৰৱ নিৰ্মাতা গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলছে ক’ভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে ভাৰতত এটা দৰৱ মুকলি কৰিছে।

 

FabiFlu নামৰ এই এণ্টি-ভাইৰেল টেবলেটটোৰে সামান্যৰ পৰা মধ্যমীয়া পৰ্য্যায়ৰ ক’ভিড ৰোগীৰ চিকিৎসা কৰিব পৰা যাব বুলি কোম্পানিটোৱে শনিবাৰে প্ৰকাশ কৰিছে।

 

২০০ এম জিৰ প্ৰতিটো টেবলেট ১০৩ টকা দামত উপলব্ধ হ’ব।

 

গ্লেনমাৰ্কে সদৰী কৰা মতে ডায়েবিটিজ আৰু হৃদৰোগ থকা সামান্যৰ পৰা মধ্যমীয়া ক’ভিড-১৯ ৰোগীসকলৰ ক্ষেত্ৰতো এই দৰৱ ব্যৱহাৰ কৰিব পৰা যাব।

জাপানত ইনফ্লুৱেঞ্জা ভাইৰাছ সংক্ৰমণৰ চিকিৎসাৰ বাবে ২০১৪ চনৰ পৰা Favipiravir ব্যৱহাৰ হৈ আহিছে।

এই দৰৱবিধ ভাৰতত ক’ভিড-১৯ৰ চিকিৎসাৰ বাবে অনুমোদিত প্ৰথম Favipiravir দৰৱ।

 

কোম্পানিটোৱে প্ৰকাশ কৰা মতে প্ৰথম মাহত ই ৮২,৫০০ ৰোগীৰ বাবে এই FabiFlu দৰৱ যোগান ধৰিব পাৰিব।

মুম্বাইস্থিত কোম্পানিটোৱে শুকুৰবাৰে ড্ৰাগছ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ পৰা দৰৱবিধৰ উৎপাদন আৰু মাৰ্কেটিঙৰ অনুমোদন লাভ কৰিছে।

Related News