NORTHEAST NOW (Assamese)
অসম

১৩ বছৰীয়া কেৰিয়াৰ সামৰি এদিনীয়াৰ পৰা অৱসৰ ল’লে ক্ৰিকেটাৰ গ্লেন মেক্সৱেলে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 2, 2025 1:15 pm

অষ্ট্ৰেলিয়াৰ ক্ৰিকেটৰ এটা অধ্যায়ৰ অন্ত পৰিল। ষ্টাৰ অল ৰাউণ্ডাৰ গ্লেন মেক্সৱেলে ১৩ বছৰীয়া এদিনীয়া কেৰিয়াৰৰ অন্ত পেলাইছে। সোমবাৰে তেওঁ অৱসৰৰ সিদ্ধান্ত ঘোষণা কৰে।

৩৬ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে কয়, “চেম্পিয়নছ ট্ৰফীৰ সময়ত মুখ্য নিৰ্বাচক জৰ্জ বেইলীয়ে মোক ২০২৭ চনৰ বিশ্বকাপত খেলাৰ বিষয়ে সুধিছিল। মই লগে লগে তেওঁক ক’লোঁ যে তেতিয়া মই খেলিব পৰা অৱস্থাত নাথাকিম। মোৰ স্থানত আন যুৱ ক্ৰিকেটাৰক সুযোগ দিয়াৰ বাবে এইটোৱেই উপযুক্ত সময়।”

২০১২ চনত অষ্ট্ৰেলিয়াৰ হৈ এদিনীয়াত অভিষেক ঘটা মেক্সৱেলে ৰাষ্ট্ৰীয় দলৰ হৈ ১৪৯খন মেচ খেলি ৩৯৯০ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ ভিতৰত ৪টা শতক আৰু ২৩টা অৰ্ধশতিকা অন্তৰ্ভুক্ত। এদিনীয়া মেচত তেওঁৰ ষ্ট্ৰাইক ৰেট ১২৬.৭০, যিটো দ্বিতীয় সৰ্বাধিক। তেওঁ ৭৭টা উইকেটো দখল কৰিছে।

অষ্ট্ৰেলিয়াৰ হৈ মেক্সৱেলে দুটাকৈ বিশ্বকাপ জয়ী দলত আছিল। ২০২৩ চনৰ বিশ্বকাপত তেওঁ ১২৮ বলত ২০১ ৰান সংগ্ৰহ কৰা ইনিংছক এদিনীয়া ক্ৰিকেটৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ ইনিংছ হিচাপে বিবেচিত হৈছে।