NORTHEAST NOW (Assamese)
অসম

জি এম চিৰ অফাৰ : পথত জাৱৰ পেলোৱা লোকৰ ফটো তুলি লাভ কৰক ৫০০টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 23, 2019 2:44 pm
garbage throwing pic

গুৱাহাটী মহানগৰক চাফ–চিকুণ কৰি ৰখাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ লৈ অহাৰ পিছতো বিশেষ কোনো সুফল নোপোৱাত এইবাৰ এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে।

ডাষ্টবিন ব্যৱহাৰৰ বিপৰীতে ৰাজপথতে জাৱৰ পেলোৱা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে পৌৰ নিগমে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মহানগৰীৰ য’তে ত’তে জাৱৰ পেলোৱা লোকৰ বিৰুদ্ধে শাস্তি প্ৰদানৰ কথা ঘোষণা কৰিছে। এই কথা জানিবলৈ দিয়ে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱেশ্বৰ মালাকাৰে।

ইয়াৰ উপৰি ৰাজপথ বা পদপথত জাৱৰ পেলোৱা লোকৰ ফটো যদি জি এম চিক দিব পাৰে তেন্তে ফটো দিয়া লোকজনক জি এম চিৰ ফালৰ পৰা ৫০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব। ডাষ্টবিনৰ পৰিৱৰ্তে পথত জাৱৰ পেলোৱা লোকৰ স্পষ্ট মুখাৱয়বসহ, সম্ভৱ হ’লে নাম–ঠিকনা লিখি জি এম চিয়ে নিৰ্দিষ্ট কৰি দিয়া WhatsApp নম্বৰত বা ই–মেইলত অভিযোগ দাখিল কৰিব পাৰিব।

অভিযোগ দাখিলৰ পিছতেই জি এম চিৰ স্কোৱাডে জাৱৰ পেলোৱা লোকজনক এহেজাৰ টকাৰ জৰিমনা বিহাৰ লগতে অভিযোগ দাখিল কৰা লোকজনক ৫০০ টকাৰে পুৰস্কৃত কৰিব। অভিযোগ দাখিলকাৰীৰ পৰিচয় সম্পূৰ্ণ গোপনে ৰাখিব জি এম চি কৰ্তৃপক্ষই।

অভিযোগ দাখিলৰ বাবে কৰ্তৃপক্ষৰ ফালৰ পৰা হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে।  WhatsApp নম্বৰ- ৮৮১১০-০৭০০০, ৭৩৯৯০-০৩০০১, ৭৩৯৯০-০৩০০২, ৭৩৯৯০-০৩০০৩ আৰু ৭৩৯৯০-০৩০০৪। আনহাতে ই-মেইল আই ডি হৈছে [email protected]