NORTHEAST NOW (Assamese)

অমিতা আৰু ছাগলী ক’ৰ’নাত আক্ৰান্ত; তদন্তৰ ঘোষণা চৰকাৰৰ

May 6, 2020 10:29 am · এন ই নাও নিউজ
Updated: May 6, 2020 10:30 am

মানৱ শৰীৰত মহামাৰী ৰূপ ধাৰণ কৰাৰ পাছত এইবাৰ ছাগলী আৰু অমিতা ফল ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। ক’ৰ’নাত অমিতা আৰু ছাগলী আক্ৰান্ত হোৱা দেশখন হ’ল তাঞ্জেনিয়া(Tanzania)।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে দেশখনৰ ৰাষ্ট্ৰপতি জন মাগুফুলিয়ে টেষ্ট কিটৰ নিৰ্ভৰযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি তদন্তৰ ঘোষণা কৰিছে।

উল্লেখ যে তাঞ্জেনিয়াত দেওবাৰে অমিতা ফল আৰু ছাগলীৰ দেহত ক’ৰ’না হোৱা বুলি পোহৰলৈ আহিছিল। ইয়াৰ পিছতে ৰাষ্ট্ৰপতিয়ে টেষ্ট কিট ঠিক নহয় বুলি মন্তব্য কৰি তদন্তৰ ঘোষণা কৰে।

ৰাষ্ট্ৰপতি জন মাগুফুলিয়ে কয়, ‍‘আমাৰ ইয়ালৈ বিদেশৰ পৰা ক’ৰ’না ভাইৰাছ টেষ্টিঙৰ কিট আহিছে, যিটো ঠিক নহয়। অমিতা ফল আৰু ছাগলীৰ দেহত ক’ৰ’না পজিটিভ পোৱাটো মানি ল’ব নোৱাৰা কথা’।

তেওঁ এই প্ৰসংগত অৰ্থাৎ টেষ্ট কিটৰ তদন্ত কৰিবলৈ সেনাক আহ্বান জনাইছে।

উল্লেখ্য যে তাঞ্জেনিয়া চৰকাৰে ক’ৰ’নাত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা লুকুওৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে।

Related News