NORTHEAST NOW (Assamese)
অসম

সাৱধান: বিলাসী গাড়ীত হাতত মাৰণাস্ত্ৰ লৈ ঘূৰিছে ছাগলী চোৰৰ দল! ক’ত?

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা June 9, 2021 5:25 pm

এইবাৰ ছাগলী চোৰৰ হাতত অবৈধ মাৰণাস্ত্ৰ!

বিলাসী গাড়ী, হাতত পিষ্টল লৈ দিন দুপৰতে হাজোত পিয়াপি দি ফুৰিছে ছাগলী চোৰৰ দলে।
হাজো-নলবাৰী সীমান্তৱৰ্তী বাহাৰঘাট অঞ্চলত ছাগলী চুৰি কৰিবলৈ লওঁতেই ৰাইজে দেখিলে তিনিজনীয়া চোৰৰ দলক।

bbbnnn
উদ্ধাৰ হোৱা পিষ্টলটো

চোৰৰ চুইফ্ট ডিজেয়াৰৰ ভিতৰত ছাগলীৰ মাত। চুইফটৰ ভিতৰত তিনিটা ছাগলী।
AS-09G-1057নম্বৰৰ চুইফট খনেৰে তিনিজনীয়া চোৰৰ দলে চলাইছিল মিছন। বিভিন্ন ঠাইৰ পৰা চুৰি কৰিছিল তিনিটা ছাগলী।

চোৰৰ দলক খেদা দিলে স্থানীয় ৰাইজে।

ৰাইজৰ পহু খেদাত চোৰৰ দলটোৱে পলায়ন কৰিবলৈ সক্ষম হ’ল যদিও উত্তেজিত ৰাইজে ভাঙি লণ্ড ভণ্ড কৰিলে চোৰৰ গাড়ী খন। চোৰৰ দলটোৱে গাড়ীৰ লগতে পিষ্টল আৰু ছাগলী কেইটা এৰি পলায়ন কৰে।

এই বিষয়ে খবৰ পোৱাৰ পিছে ঘটনা স্থলীত উপস্থিত হয় আৰক্ষী।
ছাগলী চোৰৰ হাততো মাৰণাস্ত্ৰ থকাৰ কথাই এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।