NORTHEAST NOW (Assamese)
অসম

দেশৰ ৬৫ শতাংশ নাগৰিকৰ কথা নকয় ‘গোডী মিডিয়া’ইঃ সংবাদ মাধ্যমক সমালোচনা গৌৰৱ গগৈৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 27, 2023 4:07 pm
Gaurav Gogoi

দেশৰ মূলসুঁতিৰ সংবাদ মাধ্যমৰ বিপক্ষে সমালোচনাত মুখৰ হৈ পৰিছে অসমৰ সাংসদ তথা লোকসভাত কংগ্ৰেছ দলৰ উপ-নেতা গৌৰৱ গগৈ।

মূলসুঁতিৰ সংবাদ মাধ্যম সমূহক গোডী মিডিয়া আখ্যা দি সাংসদগৰাকীয়ে এই মিডিয়াসমূহে দেশৰ ৬৫ শতাংশ নাগৰিকৰ পক্ষত মাত মতা নাই বুলি অভিযোগ কৰে।

গৌৰৱ গগৈৰ অভিযোগ, বিজেপিক ভোট নিদিয়া ৬৫% ভাৰতীয় নাগৰিকৰ বাবে এতিয়া গোডী কৰ্পৰেট মিডিয়াই কথা নকয়। কেৱল INDIA মিত্ৰজোঁটতহে এই লোকসকলৰ মাত শুনা যায় বুলি গগৈয়ে দাবী কৰে।

অগ্নিপথ আঁচনি সন্দৰ্ভত ৰাহুল গান্ধীৰ এটা পোষ্ট শ্বেয়াৰ কৰি নিজৰ টুইটাৰ হেণ্ডেলত এই মন্তব্য কৰে কংগ্ৰেছ সাংসদজনে। অগ্নিপথ আঁচনি প্ৰৱৰ্তন কৰি দেশৰ অগণন যুৱকৰ সপোন ধ্বংস কৰিলে বুলি মন্তব্য কৰিছিল।

বিহাৰৰ চম্পাৰাণৰ কিছু যুৱকৰ সৈতে সাক্ষাৎ কৰিছিল ৰাহুল গান্ধীয়ে। চম্পাৰণৰ পৰা প্ৰায় ১১০০ কিলোমিটাৰ খোজ কাঢ়ি এই যুৱক-যুৱতীসকল দিল্লীত উপস্থিত হোৱা বুলি গান্ধীয়ে উল্লেখ কৰিছিল।

এই যুৱক-যুৱতীসকলৰ সংগ্ৰাম সংবাদ মাধ্যমে দেখুৱাব নোৱাৰাটো দুখৰ বিষয় বুলি ক্ষোভ প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে।

অস্থায়ী নিযুক্তি প্ৰদানৰ বাবে গ্ৰহণ কৰা অগ্নিবীৰ আঁচনিৰ আঁৰত সেনা আৰু ভাৰতীয় বায়ুসেনাৰ স্থায়ী নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰি চৰকাৰে অগণন যুৱকৰ সপোন ধ্বংস কৰিলে বুলি তেওঁ লগতে অভিযোগ কৰে।