NORTHEAST NOW (Assamese)
অসম

গোলাঘাট জিলা প্ৰশাসনে ছীল কৰিলে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন August 1, 2021 2:39 pm
kka

গোলাঘাট নগৰৰ চ’ক বজাৰত আজি কভিড নীতি-নিয়ম ভংগ কৰি খুলি ৰখা কেইবাখনো ইলেক্ট্ৰনিকচ ষ্ট’ৰ ছীল কৰিবলৈ বাধ্য হয় গোলাঘাট জিলা প্ৰশাসন।

অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যৱসায়ী প্ৰতিষ্ঠানক ৰেহাই দি আন সকলো ধৰণৰ ব্যৱসায়ী প্ৰতিষ্ঠান খোলাত চৰকাৰৰ নিষেধাজ্ঞা থকাৰ পাছতো নীতি বহিৰ্ভূত ভাৱে নগৰখনৰ এইকেইখন ব্যৱসায়ী প্ৰতিষ্ঠান খুলি ৰাখে।

সেয়েহে উক্ত স্থানত যাতে জনসমাগৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে তৎকালীনভাৱে ব্যৱসায়ী প্ৰতিষ্ঠান কেইখন ছীল কৰে।