NORTHEAST NOW (Assamese)
অসম

বান ক্ষতিগ্ৰস্ত লোকৰ বাবে উন্নত মানৰ খাদ্য সামগ্ৰী যোগানক লৈ আপোচ কৰা নহ’ব : গোলাঘাটৰ উপায়ুক্ত

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন June 11, 2021 9:06 am
IMG-20210610-WA0024

গোলাঘাট জিলাৰ আসন্ন বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া প্ৰস্তুতি সন্দৰ্ভত কালি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হয়।

বৈঠকৰ আৰম্ভণিতে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰণি ৰাজকুমাৰে পাৱাৰপইণ্ট প্ৰেজেন্টেশ্যনৰ জৰিয়তে জিলাখনৰ বান ব্যৱস্থাপনা সন্দৰ্ভত বিতং ব্যাখ্যা আগবঢ়ায়।

জিলা উপায়ুক্তই কয় যে বানপানীৰ আশ্ৰয় শিবিৰসমূহত সুৰক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, অনাময়, বীজানুমুক্তকৰণৰ ব্যৱস্থা আৰু শিশু অনুকূল সুকীয়া স্থানক লৈ কোনো আপোচ কৰা নহ’ব।

আশ্ৰয় শিবিৰত থকা ছোৱালী আৰু অন্য লোকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে তেওঁ শিবিৰসমূহলৈ অপ্ৰয়োজনীয়ভাৱে বাহিৰা লোকৰ আহ-যাহ বন্ধ কৰাৰ নিৰ্দেশ দিয়ে।

বান সাহায্যৰ খাদ্য সামগ্ৰীৰ মান সন্দৰ্ভত তেওঁ কয় যে আশ্ৰয় শিবিৰত থকা আৰু বান ক্ষতিগ্ৰস্ত লোকসকলক উন্নত মানৰ খাদ্য যোগান ধৰাটো সুনিশ্চিত কৰিব লাগিব। খাদ্য সামগ্ৰীক লৈ কোনো আপোচ নকৰিবলৈ জিলা উপায়ুক্তৰগৰাকীয়ে কঠোৰ নিৰ্দেশ দিয়ে।

আনহাতে, উন্নত মানৰ ভাল ব্ৰেণ্ডৰ চেনিটেৰী নেপকিন আৰু শিশু খাদ্য যোগান ধৰিবলৈও তেওঁ কয়। তেওঁ কয় যে খাদ্য সামগ্ৰী আৰু বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে অন্যান্য সামগ্ৰী এতিয়াৰপৰাই মজুত কৰিব লাগিব। উন্নত মানৰ পশুখাদ্যৰ যোগানো সুনিশ্চিত কৰিবলৈ তেওঁ যোগান বিভাগক নিৰ্দেশ দিয়ে।

তেওঁ লগতে কয় যে বানত ক্ষতিগ্ৰস্ত ঘৰ-দুৱাৰৰ ক্ষেত্ৰত ভুৱা হিতাধিকাৰীৰ নাম যাতে তালিকাত অন্তৰ্ভুক্ত নহয়, চক্ৰ বিষয়াসকলে সেয়া সুনিশ্চিত কৰিব লাগিব।

প্ৰতিটো খাদ্য সামগ্ৰীৰ মান সুনিশ্চিত কৰাৰ বাবে চক্ৰ বিষয়াসকলক সামগ্ৰীৰ একোটা নমুনা লগত ৰাখিবলৈ তেওঁ নিৰ্দেশ দিয়ে। এজেন্সিসমূহে উক্ত নমুনাৰ খাদ্য সামগ্ৰীহে যোগান ধৰিব লাগিব।

প্ৰতিটো বিভাগে সময়মতে তথ্য যোগান ধৰাৰ বিষয়তো তেওঁ গুৰুত্ব আৰোপ কৰে। বিশেষকৈ বানত কৃষিভূমিৰ ক্ষয়-ক্ষতি সন্দৰ্ভত সময়মতে তথ্য যোগান ধৰিবলৈ তেওঁ কৃষি বিভাগক নিৰ্দেশ দিয়ে।

আনহাতে, বানৰ সময়ত কৰ্তব্যত গাফিলতি কৰা বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও উপায়ুক্তগৰাকীয়ে সকীয়াই দিয়ে।

বৈঠকত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অভিজিৎ বৰুৱা, অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ, বোকাখাত মহকুমাৰ মহকুমাধিপতি বিপুল দাস, ধনশিৰি মহকুমাৰ মহকুমাধিপতি ৰাহুল জাভিৰ সুৰেশ, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত, চক্ৰ বিষয়াসকল আৰু বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত আছিল ।