NORTHEAST NOW (Assamese)

অসম-নাগালেণ্ড সীমান্তৰ সৰুপথাৰৰ বিভিন্ন ঠাই পৰিদৰ্শন গোলাঘাট জিলাৰ উপায়ুক্তৰ

June 8, 2021 12:17 pm · মীনাক্ষী ফুকন
ফটো: নৰ্থইষ্ট নাও।

গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে সোমবাৰে জিলাখনৰ সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ বি চেক্টৰৰ চেতিয়াগাঁও শিবিৰ, জাহাজী গাঁও আৰু চেইনপুৰ অঞ্চল পৰিদৰ্শন কৰি সীমান্ত অঞ্চলৰ ভৌগলিক অৱস্থা আৰু বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে।

তেওঁ চিআৰপিএফৰ ১৫৫ বেটেলিয়ন তথা বি চেক্টৰৰ চেক্টৰ কমাণ্ডাৰৰ ৰেংমাপানীত থকা মুখ্য কাৰ্যালয়ত সীমান্ত সম্পৰ্কীয় গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।

বৈঠকত স্পৰ্শকাতৰ এলেকাসমূহৰ লগতে সীমান্তৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয়।

বিশেষকৈ ২০১৪ চনত চেতিয়াগাঁৱত হোৱা আইন-শৃংখলাজনিত ঘটনাৰ পাছৰ বৰ্তমানৰ পৰিস্থিতি, সীমান্তৰ জাহাজী গাঁও আৰু চেইনপুৰৰ শেহতীয়া স্থিতি আদি সন্দৰ্ভত স্থানীয় আৰক্ষী আৰু চিআৰপিএফৰ পৰা উপায়ুক্তগৰাকীয়ে বিতংভাৱে বুজ লয়।

এই পৰিদর্শনকালত উপায়ুক্তগৰাকীৰ সৈতে চি আৰ পি এফৰ ১৫৫ বেটেলিয়নৰ কমাণ্ডেণ্ট, এ আৰু বি চেক্টৰৰ চেক্টৰ কমাণ্ডাৰ, বি চেক্টৰৰ সীমান্ত দণ্ডাধীশ, উৰীয়ামঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু ভালেকেইগৰাকী বিষয়া উপস্থিত আছিল।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা ৫ জুনত উপায়ুক্তগৰাকীয়ে জিলাখনৰ অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ গড়বস্তি, কলাজান আদি অঞ্চল পৰিদর্শন কৰিছিল।

Related News