NORTHEAST NOW (Assamese)
অসম

বে-আইনী কাৰ্যত লিপ্ত থকাৰ অভিযোগ! গোলাঘাটত নিচামুক্তি কেন্দ্ৰত তলা ওলোমালে জিলা প্ৰশাসনে

Posted by: উত্তম কুমাৰ শৰ্মা, গোলাঘাট Updated by: উত্তম কুমাৰ শৰ্মা, গোলাঘাট August 10, 2023 8:39 pm
rehabilitation centre

গোলাঘাট জিলাৰ নুমলীগড়স্থিত নিউ ফেইথ ফাউণ্ডেশ্যন নামৰ এটা নিচামুক্তি কেন্দ্ৰত আজি তলা ওলোমালে গোলাঘাট জিলা প্ৰশাসনে। কেন্দ্ৰটো নানা অপৰাধমূলক তথা বে-আইনী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগত প্ৰশাসনে এই ব্যৱস্থা লয়।

জানিব পৰা অনুসৰি, নিউ ফেইথ ফাউণ্ডেশ্যন নামৰ নিচামুক্তি কেন্দ্ৰটোৰ স্বত্বাধিকাৰী তথা কেন্দ্ৰটোৰ আৱাসীসকল অপহৰণ, ধনদাবী আদিৰ দৰে কেতবোৰ বে-আইনী কাৰ্যকলাপত লিপ্ত থকা বুলি অভিযোগ লাভ কৰিছিল গোলাঘাট জিলা প্ৰশাসনে।

এই অভিযোগৰ পিছতেই জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ নিৰ্দেশক্ৰমে আজি মহকুমাধিপতি (সদৰ) শ্ৰীমতী পাপৰি দাস, জিলা সমাজ কল্যাণ বিষয়া শ্ৰী দুদু দত্ত আৰু সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ এটা দলে আৰক্ষীৰ সহযোগত নিচামুক্তি কেন্দ্ৰটো পৰিদৰ্শন কৰে।

পৰিদৰ্শনকালত দলটোৱে কেন্দ্ৰটোৰ কোনো বৈধ নথি পত্ৰ লাভ কৰিবলৈ সক্ষম নহয়। লগতে পৰিদৰ্শনকাৰী দলটোৱে নিচামুক্তি কেন্দ্ৰ এটাই পালন কৰিবলগীয়া নীতি-নিৰ্দেশনাসমূহ কেন্দ্ৰটোৱে উলংঘা কৰা প্ৰত্যক্ষ কৰে।

এনে পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে কেন্দ্ৰটো তৎকালীনভাৱে বন্ধ কৰি দিছে।