NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত নৱনিযুক্ত উপায়ুক্তৰ তৎপৰতা; আৰক্ষী, জিলা প্ৰশাসন আৰু চিআৰপিএফৰ ক’ভিড সজাগতা

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন July 11, 2021 7:10 pm
IMG-20210711-WA0035

গোলাঘাট আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ নেতৃত্বত গোলাঘাট আৰক্ষী আৰু চিআৰপিএফৰ উদ্যোগত আজি এক সজাগতা ৰেলী  বাহিৰ কৰা হ’য়।।

ক’ভিডৰ বিৰুদ্ধে সজাগতা অনা উদ্দেশ্যে গোলাঘাট সদৰ আৰক্ষী থানাৰ পৰা গোলাঘাট আৰক্ষী, জিলা প্ৰশাসন আৰু চিআৰপিএফ জোৱানে খোজকাঢ়ি নগৰৰ মাজেৰে এই ৰেলী বাহিৰ কৰে।

ৰেলীত গোলাঘাটৰ নৱনিযুক্ত  জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা , গোলাঘাট আৰক্ষী  উচ্চপদস্থ বিষয়াৰ লগতে চিৰআৰপিএফৰ জোৱান সকলে  অংশগ্ৰহণ কৰে।

অসমৰ ভিতৰতে ক’ভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা গোলাঘাটত আজি এনেদৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা দেখা যায়।

ইফালে পুৱাৰ ভাগত নৱনিযুক্ত উপায়ুক্ত গৰাকীয়ে গোলাঘাট নগৰ পৰিভ্ৰমণ কৰি নগৰৰ দোকান-পোহাৰ, বজাৰৰ পৰিস্থিতি বুজ লৈ ক’ভিড প্ৰতিষেধক নোলোৱা কোনো গেলামালৰ ব্যৱসায়ীয়ে দোকান খুলিব নোৱাৰিব আৰু বাটে-পথে কোনো ফলমূল, শাক-পাচলি ব্যৱসায়ীও বহিব নোৱাৰিব বুলি নিৰ্দেশ জাৰি কৰে।

উল্লেখ্য যে, প্ৰতিষেধক নোলোৱা ব্যৱসায়ীৰ দোকান তাৎক্ষণিক ভাৱে বন্ধ কৰাই দিয়ে উপায়ুক্ত গৰাকীয়ে।

ইয়াৰ পূৰ্বে গোলাঘাট,মেৰাপানীৰ বিভিন্ন প্ৰতিষেধক কেন্দ্ৰত উপস্থিত হৈ  সমগ্র পৰিস্থিতি পৰ্যবেক্ষণ কৰে উপায়ুক্ত গৰাকীয়ে।