NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত নতুনকৈ কৰ’নাত আক্ৰান্ত ২০২গৰাকী লোক; ৩গৰাকী লোকৰ মৃত্যু

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন May 22, 2021 7:16 am
Covid19-positive-750x375

গোলাঘাট জিলাত ক’ভিড আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। শুকুৰবাৰৰ দিনটোত জিলা খনত ২০২ গৰাকী ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে।

বিগত দিনৰ তুলনাত মৃত্যুৰ হাৰ কিছু হ্ৰাস পাইছে যদিও কালি পুনৰ ৩ গৰাকীকৈ ক’ভিড ৰোগীৰ মৃত্যু হৈছে।

এইপৰ্যন্ত মুঠ ৩,৬৩৭ গৰাকী ক’ভিড ৰোগীৰ ভিতৰত ১০৯৯ গৰাকী সক্ৰিয় হৈ আছে।

এতিয়ালৈকে জিলাখনত মুঠ মৃত্যু হৈছে ৩৭ গৰাকী ব্যক্তিৰ। শুকুৰবাৰে মৃত্যু হোৱা লোক কেইগৰাকী হৈছে অঞ্জন চাই কেউট(৬৭) খুমটাইৰ বুটলিখোৱা, হিতেশ্বৰ শইকীয়া(৬৬) দেৰগাওঁ ১০ নং ৱাৰ্ড আৰু  মুহিবুৰ আলি (৫০) বাদুলিপাৰা চাহ বাগিচা।

তিনিওগৰাকী ৰোগী যোৰহাট মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন হৈ আছিল। ইয়াৰে হিতেশ্বৰ শইকীয়াৰ বৃহস্পতিবাৰে নিশা মৃত্যু হৈছিল।

বৰ্তমান ১০৯৯ গৰাকী ক’ভিড আক্ৰান্তৰ ভিতৰত ৫৭৫ গৰাকী আক্ৰান্তক হ’ম আইছ’লেশ্যনত ৰখাৰ ব্যৱস্থা কৰিছে। বাকী কেইজনক ক’ভিড কেয়াৰ চেন্টাৰ আৰু হাস্পাতালত চিকিৎসা প্ৰদান কৰি থকা হৈছে।