NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত ক’ভিডত নতুনকৈ আক্ৰান্ত ২৪১ জন; মৃত্যু ৪ জনৰ

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন May 28, 2021 6:19 am
Covid19-and-Media-750x375

গোলাঘাটত দৈনিক বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰে ৪৬৭১ জনৰ ক’ভিড পৰীক্ষাৰ অন্তত ২৪১ জনৰ শৰীৰত ধৰা পৰিছে ক’ভিড ভাইৰাছৰ উপস্থিতি।

সমগ্র জিলাখনত এই পৰ্যন্ত মুঠ ৪৮৯১ জন পজিটিভ চিনান্ত হৈছে । ইয়াৰে ১৪৫৯ জন বৰ্তমানেও সক্ৰিয় হৈ আছে।

একেদৰে মৃত্যুৰ সংখ্যাও বৃদ্ধি পাই ৫৫ জন হৈছে। বৃহস্পতিবাৰে মৃত্যু হোৱা ৪ জন ৰোগী হৈছে- চিত্ৰ দাস(৪৩) গোলাঘাট টাউন,মদন গড়(৫৫)মেঠনী চাহ বাগিচা,অতুল গগৈ(৫৫) পটীয়া পথাৰ কমাৰগাওঁ আৰু নুৰ আলি(৬২) খুমটাই বৰুৱাখাট।

ইয়াৰে চিত্ৰ দাসৰ গোলাঘাট ক’ভিড চিকিৎসালয়ত মৃত্যু হোৱাৰ লগতে মদন গড়ৰ কহৰা মডেল হাস্পাতালত আৰু বাকী দুজনৰ যোৰহাট মেডিকেল কলেজ হাস্পাতালত মৃত্যু হ’য়।

সেইদৰে, নতুনকৈ চিনাক্ত হোৱা ২৪১ জন ৰোগীৰ সৰ্বাধিক ৬৫ জন বোকাখাতৰ হোৱাৰ লগতে কমাৰবন্ধা আলিত ১৩জন, সৰুপথাৰত ৩৮, মিছামৰাত ১৮, শ্বহীদ কুশল কোঁৱৰ ক’ভিড হাস্পাতালত ৯ জন, চাৰিঙীয়াত ৩৫ জন,মৰঙীত ৩৮ জন, ৱাৰ্ডত ৫ জন, নাৰ্চিং হ’মত ১জন আৰ টি পি চি আৰত ১৯ জন চিনাক্ত হৈছে।