NORTHEAST NOW (Assamese)
অসম

শ্বহীদক অপমান: গোলাঘাটত শ্বেৰমান আলীৰ বিৰুদ্ধে সৰৱ প্ৰতিবাদ

Posted by: মীনাক্ষী ফুকন, গোলাঘাট October 1, 2021 2:25 pm
FB_IMG_1633070045044

৮৩’ আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাক ঘাতক আখ্যা দিয়া কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে প্ৰতিবাদত নামিল সদৌ অসম যুৱ ছাত্র পৰিষদৰ গোলাঘাট শাখা।

গোলাঘাট চহৰৰ বাটা পইন্টত ৰূপায়ণ কৰা এই প্ৰতিবাদত জাতি বিৰোধী বিধায়ক জনৰ বিৰুদ্ধে অতি শীঘ্ৰেই  বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে অসম চৰকাৰক আহ্বান জনাই সংগঠনটোৱে।

বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে এক উত্তাল পৰিবেশ সৃষ্টি কৰা সংগঠনটোৱে বিধায়কজনৰ প্ৰতিকৃতি দাহ কৰি এনে মন্তব্য কৰাৰ বাবে হুংকাৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে গৰুখুটিঁ কাণ্ডক লৈ কৰা বিধায়কজনৰ এনে মন্তব্যক লৈ বিভিন্ন দল-সংগঠনে ইতিমধ্যে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখা গৈছে।

বিশেষকৈ খোদ কংগ্ৰেছ দলতে বিধায়কজনৰ এই অবাঞ্চিত মন্তব্যক লৈ এক অস্বস্তিকৰ পৰিবেশৰ সৃষ্টি হৈছে।

ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বিধায়কজনক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।