NORTHEAST NOW (Assamese)
Popular Stories

আমেৰিকাত এইবাৰ দিয়া হ’ব ‘গোল্ড কাৰ্ড’! নাগৰিকত্ব পাবলৈ ট্ৰাম্প চৰকাৰক দিব লাগিব ৪৩ কোটি টকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 26, 2025 5:01 pm

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰব্ৰজন নীতিত বৃহৎ পৰিৱৰ্তন কৰিবলৈ ওলাইছে। মঙলবাৰে তেওঁ এই নতুন নীতি ঘোষণা কৰে। এইবাৰ আমেৰিকাৰ নাগৰিকত্ব পাবলৈ হলে পাঁচ মিলিয়ন মাৰ্কিন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৪৩৫ মিলিয়ন টকা) দিব লাগিব! সেই পৰিমাণৰ ধন দিলে আপুনি লাভ কৰিব গোল্ড কাৰ্ড, যিটো আমেৰিকাৰ নাগৰিকত্বৰ প্ৰমাণ। শেহতীয়াকৈ আমেৰিকালৈ অনুপ্ৰৱেশকাৰীসকলে গ্ৰীন কাৰ্ডৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিছিল। এইবাৰ প্ৰৱৰ্তন কৰিবলৈ ওলাইছে গোল্ড কাৰ্ড। এই কাৰ্ডখন হৈছে গ্ৰীণ কাৰ্ডপ্ৰিমিয়াম সংস্কৰণ।

ট্ৰাম্পৰ ভাষাত, “আমি আমেৰিকাত গোল্ড কাৰ্ড বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছো। ইয়াৰ উপৰিও গ্ৰীণ কাৰ্ডৰ সুবিধাও প্ৰদান কৰা হ’, যিয়ে আমেৰিকাত নাগৰিকত্বৰ বাবে এক নতুন পথ মুকলি কৰিব। ধনী মানুহে এই কাৰ্ডখন কিনি আমাৰ দেশলৈ আহিব পাৰে। ইয়ালৈ আহি তেওঁলোকে বহুত টকা খৰচ কৰিব, কৰ দিব, লগতে চাকৰিৰ সৃষ্টিও কৰিব। এই দেশত তেওঁলোক সফল হব।

কেতিয়া মুকলি কৰা হগোল্ড কাৰ্ড?

ট্ৰাম্পে কয় যে অহা দুসপ্তাহৰ ভিতৰত এই নতুন প্ৰক্ৰিয়া আৰম্ভ কৰা হব। ইয়াৰ বাবে আমেৰিকান কংগ্ৰেছৰ অনুমোদনৰ প্ৰয়োজন বুলি ট্ৰাম্পে নাভাবে। কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে গোল্ড কাৰ্ড কেনেকৈ লাভ কৰিব বা প্ৰক্ৰিয়াটো কাৰ্যকৰী হব সেই বিষয়ে স্পষ্ট ধাৰণা দিয়া নাছিল।

বহুতৰে মতে নতুন গোল্ড কাৰ্ডৰ প্ৰৱৰ্তনে বৰ্তমানৰ ইবি-৫ প্ৰগ্ৰেমত প্ৰভাৱ পেলাব পাৰে। মন কৰিবলগীয়া যে অনুপ্ৰৱেশকাৰী বিনিয়োগকাৰীয়ে আমেৰিকাত ইবি-৫ প্ৰগ্ৰেমৰ জৰিয়তে গ্ৰীণ কাৰ্ড লাভ কৰে। বহুতে বিশ্বাস কৰে যে নতুন গোল্ড কাৰ্ড প্ৰৱৰ্তন কৰিলে ইবি-৫ কাৰ্যসূচী আৰু নাথাকিব। লগতে তেওঁ কয় যে গোল্ড কাৰ্ডৰ পৰা লাভ কৰা ধন পোনপটীয়াকৈ চৰকাৰী পুঁজিলৈ যাব। আমেৰিকাৰ প্ৰশাসনৰ এটা অংশই কৈছে যে ই দেশৰ আৰ্থিক ঘাটি পূৰণত উপযোগী হব।

ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাত ক্ষমতালৈ অহাৰ পাছত ইটোৰ পাছত সিটো সিদ্ধান্ত লৈছে। আমেৰিকাৰ পৰা নিজ নিজ দেশলৈ অবৈধ অনুপ্ৰৱেশকাৰীক প্ৰেৰণৰ প্ৰক্ৰিয়া চলি আছে। ট্ৰাম্প প্ৰশাসনেও কঠোৰ শুল্ক নীতি ঘোষণা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ভাষাত, “আমেৰিকাৰ সামগ্ৰীৰ ওপৰত যিমানেই বেছি শুল্ক আৰোপ কৰিব, সিমানেই সেই দেশৰ সামগ্ৰীৰ ওপৰত আমেৰিকাই অধিক শুল্ক আৰোপ কৰিব। সেই পৰিৱেশতেই এইবাৰ আমেৰিকাত মুকলি হগোল্ড কাৰ্ড