NORTHEAST NOW (Assamese)
অসম

প্ৰতি কেজি চাহত ৭৫,০০০ টকা; গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অসমৰ চাহৰ নতুন অভিলেখ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 13, 2019 7:23 pm
Golden Butterfly

গুৱাহাটী চাহ নিলাম কেন্দ্ৰই অভিলেখৰ গঢ়াৰ ধাৰা অব্যাহত ৰাখি পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি প্ৰতি কেজি চাহ ৭৫,০০০ টকা মূল্যত বিক্ৰীৰে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়।

গুৱাহাটী চাহ নিলাম কেন্দ্ৰ, ক্ৰয় সংস্থাৰ সম্পাদক দিনেশ বিহানীয়ে দিকম চাহ বাগিছাৰ উৎপাদিত ‘গোল্ডেন বাটাৰফ্লাই’ চাহে মঙলবাৰে বিক্ৰীৰ ক্ষেত্ৰত চৰা দামৰ নতুন অভিলেখ ৰচনা কৰে বুলি উল্লেখ কৰে।

গুৱাহাটীৰ আটাইতকৈ পুৰণি এম/এছ আছাম টি ট্ৰেদাৰ্ছে তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে বিশেষ চাহবিধ ক্ৰয় কৰে বুলি বিহানীয়ে জানিবলৈ দিয়ে।

চাহৰ পৃথিৱীখনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰই পূৰ্বৰ অভিলেখ ভংগ আৰু নতুন অভিলেখ গঢ়াৰ সুকীয়া পৰিছয় সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলিও বিহানীয়ে মন্তব্য কৰে।

লগতে তেওঁ গুৱাহাটী চাহ নিলাম কেন্দ্ৰই চাহ বিক্ৰেতাসকলক উচিত মূল্যত উৎপাদিত চাহ বিক্ৰী কৰাৰ সুবিধা প্ৰদান কৰিছে আহিছে বুলি মত প্ৰকাশ কৰে।

বৰ্তমান সময়ত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ গুণগত আৰু বিশেষ চাহৰ বাবে পৃথিৱীৰ গুৰুত্বপূৰ্ণ নিলামকেন্দ্ৰত পৰিণত হৈছে।

উল্লেখযোগ্য যে, চলিত বৰ্ষৰে ৩১ জুলাইত মাইজান চাহ বাগিছাৰ ‘মাইজান অৰ্থ’ডক্স গোল্ডেন টি’য়ে প্ৰতি কেজিৰ বিনিময়ত ৭০,৫০১ টকা মূল্য লাভ কৰি অভিলেখ গঢ়িছিল।

তাৰপূৰ্বে চলিত বৰ্ষতে ‘মনোহাৰী গোল্ডেন টি’য়ে প্ৰতি কেজি চাহ ৫০,০০০ টকাত বিক্ৰীৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল।