NORTHEAST NOW (Assamese)
Popular Stories

সুৰা প্ৰেমীসকলৰ বাবে সুখবৰ! ভাৰতত হ্ৰাস হ’ব বিদেশী সুৰাৰ দাম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 29, 2025 12:10 pm

সুৰাপ্ৰেমীসকলৰ বাবে ভাল খবৰ। এইবাৰ ভাৰতত ব্ৰিটিছ সুৰাৰ দাম কমিবলৈ গৈ আছে। ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তিৰ পৰ্দাৰ আঁৰত এই ঘটনা হৈছে। ফলত ইতিমধ্যে বিক্ৰী হোৱা সুৰাৰ ওপৰত কৰৰ পৰিমাণ কমিছে। ফলত আমদানিৰ খৰচো কমি আহিছে। শুল্ক হ্ৰাসৰ প্ৰভাৱৰ বাবে ভাৰতীয় খুচুৰা বজাৰত স্কচ হুইস্কিৰ মূল্য অতি সোনকালে হ্ৰাস পাব বুলি প্ৰকাশ কৰিছে ফ্ৰান্সৰ জনপ্ৰিয় স্কচ হুইস্কি নিৰ্মাতা প্ৰতিষ্ঠান পাৰ্নড ৰিকাৰ্ডে।

পিআৰআই হৈছে পাৰ্নড ৰিকাৰ্ডৰ ভাৰতীয় শাখা। পিআৰআইৰ এগৰাকী মুখপাত্ৰই সংবাদ সংস্থা পিটিআইক জনাইছে যে, “এফটিএ (ব্ৰিটেইন-ইণ্ডিয়া ট্ৰেড এগ্ৰিমেণ্ট)ৰ ফলত উচ্চমানৰ স্কচ হুইস্কিৰ প্ৰতিযোগিতামূলক মূল্য নিৰ্ধাৰণ কৰা হব। আমদানি শুল্ক হ্ৰাস কৰা হৈছে। ফলত ভাৰতৰ প্ৰায়বোৰ ৰাজ্যৰ খুচুৰা বজাৰত এই সুৰাৰ মূল্য হ্ৰাস পাবলৈ গৈ আছে।”

পি আৰ আই কৰ্তৃপক্ষই দাবী কৰিছে যে শুল্ক হ্ৰাসৰ ফলত ব্ৰিটেইনৰ পৰা আমদানি কৰা স্কচ হুইস্কিৰ মূল্য সাধাৰণ মানুহৰ হাতৰ মুঠিত আহিব।

প্ৰসংগক্ৰমে মে মাহৰ আৰম্ভণিতে ভাৰত আৰু ব্ৰিটেইনৰ মাজত মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হৈছিল। এতিয়ালৈকে ব্ৰিটেইনৰ পৰা ভাৰতলৈ আমদানি কৰা সকলো হুইস্কিৰ ওপৰত ১৫০ শতাংশ কৰ আৰোপ কৰা হৈছিল। এফটিএৰ পাছত কৰ হাৰ ৭৫ শতাংশলৈ হ্ৰাস কৰা হয়। যদিও ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তিৰ সবিশেষ আনুষ্ঠানিকভাৱে উপলব্ধ নহয়, পিআৰআই কৰ্তৃপক্ষৰ মতে এইবাৰ অধিক লোকে ব্ৰিটিছ সুৰা ক্ৰয় কৰিব পাৰিব। ভাৰত আৰু ব্ৰিটেইনে গ্ৰহণ কৰা পদক্ষেপে সুৰাৰ বজাৰত ইতিবাচক প্ৰভাৱ পেলাব।

উল্লেখ্য যে, ভাৰতত নিৰ্মিত বিদেশী সুৰাও পূৰ্বৰ দৰে কম দামত বিক্ৰী কৰা হব।