NORTHEAST NOW (Assamese)

গুগলে ডিলিট কৰিলে ভুৱা খৱৰ বিয়পোৱা চীনৰ সৈতে সম্পৰ্কিত ২৫০০য়ুটিউব চেনেল

August 7, 2020 8:06 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

চীনক যেন লাহে লাহে গোটেই বিশ্বতে একাষৰীয়া কৰি তোলাৰ পদক্ষেপ ক্ষিপ্ৰতাৰে আগবাঢ়িছে।

এইবাৰ বিশ্বৰ সৰ্ববৃহৎ ভিডিঅ’ প্লেটফৰ্মৰ নজৰত পৰিছে বেইজিং।

জানিবলৈ দিছে যে ভুৱা তথা বিতৰ্কিত বিষয়বস্তু সন্নিৱিষ্ট থকাৰ অভিযোগত ২,৫০০তকৈয়ো অধিক চীনৰ সৈতে সম্পৰ্কিত য়ুটিউব একাউন্ট ডিলিট কৰা হৈছে।

বাতৰি অনুসৰি, চলিত বছৰৰ এপ্ৰিল মাহৰ পৰা জুন মাহলৈকে য়ুটিউবত চীন সম্পৰ্কীয় ভুৱা খৱৰৰ তদন্ত কৰা হয়।

তদন্তৰ পাছত অভিযুক্ত হোৱা প্ৰায় ২,৫০০তকৈয়ো অধিক চেনেল গুগলে ডিলিট কৰে।

গুগল পৰা জানিবলৈ দিয়া মতে বেছিভাগ অৰাজনৈতিক ভিডিঅ থকা চেনেলবিলাকৰ ভিডিঅ’সমূহত ভুৱা তথ্য থাকে যাৰ বাবে কমিউনিটি গাইডলাইন অনুসৰি এইদৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

উক্ত বিষয়ত এতিয়াও চীনৰ ফালৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। অৱশ্যে ইয়াৰ পূৰ্বে এনেধৰণৰ কাৰ্যত দেশখন জড়িত থকাৰ কথা চীনে অস্বীকাৰ কৰিছিল।

আনহাতে, ছচিয়েল মিডিয়া এনালাইটিক্স সংস্থা গ্ৰাফিকাই এনে ধৰণৰ ভুৱা চেনেল তথা টুইটাৰ একাউন্টৰ বিষয়ে পূৰ্বে সদৰী কৰিছিল।

Related News