NORTHEAST NOW (Assamese)
অসম

যিবোৰ জি-মেইল একাউন্ট ২০২১চনত বন্ধ হৈ যাব পাৰে; গুগলে আনিছে নতুন নিয়ম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 6, 2020 1:58 pm
WhatsApp Image 2020-12-06 at 1.51.18 PM

গুগলে ২০২১চনত বহু নতুন নিয়ম লৈ আনিছে। ইয়াৰ ভিতৰত গুগল ফটোজে বিনামূলীয়াকৈ ছবি ৰখাৰ সুবিধা তুলি দিয়াৰ লগতে নিষ্ক্ৰিয় একাউন্ট বন্ধ কৰি দিয়াটোও আছে।

নতুন নিয়ম অনুসৰি দুবছৰৰো অধিক সময় ধৰি যিবোৰ একাউন্ট নিষ্ক্ৰিয় হৈ আছে, সেইবোৰ সম্পূৰ্ণ ডিলিট কৰি পেলোৱা হ’ব।

অহা বছৰৰ জুন মাহৰ ১তাৰিখৰ পৰাই এই নিয়ম কাৰ্যকৰী হ’ব। অৱশ্যে, এই একাউন্টসমূহ বন্ধ কৰাৰ আগতে গুগল কৰ্তৃপক্ষৰ ফালৰ পৰা একাউন্টৰ গৰাকীসকলক ই-মেইলৰ জৰিয়তে সতৰ্ক কৰি মেচেজ দিয়া হ’ব।

গুগলৰ পৰা জনোৱা মতে, য়ুজাৰসকলে আৰু বিনামূলীয়াকৈ গুগল ফটোজ ব্যৱহাৰ কৰিব নোৱাৰিব।

তদুপৰি, কোৱা হৈছে যে যিসকল একাউন্টধাৰীয়ে জি-মেইল, গুগল ড্ৰাইভ, ডকুমেন্টছ, ছিটছ, স্লাইডছ, ড্ৰইংছ, ফৰ্মছ তথা জ্যামব’ৰ্ড ফাইলছ দুবছৰতকৈ অধিক সময় ধৰি ব্যৱহাৰ কৰা নাই, তেওঁলোকৰ সেই সকলো একাউন্ট বন্ধ কৰি দিয়া হ’ব।

আনহাতে, কোনো যুজারর একাউন্টটো দি ৩মাহৰ পরা ১৮ মাহ পর্যন্ত নিষ্ক্ৰিয় থাকে তেতিয়াহ’লে তেওঁলোকৰ বিশ্বাসযোগ্য কন্টেক্টছৰ ওচৰলৈ তেওঁলোকৰ একাউন্ট সম্বন্ধীয়া সকলো গুৰুত্বপূৰ্ণ তথ্য টেক জায়েন্টৰ পক্ষৰ পৰা পঠিয়াই দিয়াৰ আশ্বাস দিয়া হৈছে।