NORTHEAST NOW (Assamese)
অসম

Google-অৰ মতে, পাকিস্তানৰ ৰাষ্ট্ৰীয় পতাকাই হ’ল আটাইতকৈ উত্তম টয়লেট পেপাৰ

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ February 17, 2019 11:04 am
Pakistan Flag as best toilet paper_2

বিশ্বৰ এক নম্বৰৰ ছাৰ্চ ইঞ্জিন গুগলে ইয়াৰ য়ুজাৰ ছাৰ্চড আইটেমৰ তালিকাত পাকিস্তানৰ ৰাষ্ট্ৰীয় পতাকাক বিশ্বৰ আটাইতকৈ উত্তম টয়লেট পেপাৰ হিচাপে দেখুৱাইছে। গুগলৰ এই কাণ্ডই বিশ্বৰ বিভিন্ন সংবাদ মাধ্যমৰ মনোযোগ লাভ কৰে।

best toilet paper in the world বাক্যাংশৰে সন্ধান কৰি ইমেইজ নিৰ্বাচন কৰিলে পাকিস্তানৰ ৰাষ্ট্ৰীয় পতাকাৰ অসংখ্য ছবি দেখুৱাই দিয়ে ছাৰ্চ ইঞ্জিনটোৱে।

ইপিনে তিনিদিন পূৰ্বে পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদী সংগঠনৰ দ্বাৰা কাশ্মীৰৰ পুলৱামাত সংঘটিত ভয়ংকৰ আত্মঘাতী বোমাৰ আক্ৰমণত ক্ষুভিত হৈ থকা সমগ্ৰ দেশৰ লগতে উত্তৰ-পূব তথা অসমৰ ছ’চিয়েল মিডিয়া য়ুজাৰে ব্যাপক হাৰত পাকিস্তানৰ বাবে লজ্জাজনক ঘটনাটো শ্বেয়াৰ কৰিছে।

সন্ত্ৰাসবাদক সাৰ-পানী যোগাই অহা পাকিস্তানৰ ৰাষ্ট্ৰীয় পতাকাক এইদৰে indexing কৰাটো ছাৰ্চ ইঞ্জিনটোৰ অবাঞ্ছিত ভুলৰ প্ৰতিফলন নে আন কিবা সেয়া অৱশ্যে এই পৰ্য্যন্ত জানিব পৰা হোৱা নাই।

২০১৫ চনত বিশ্বৰ প্ৰভাৱশালী ছাৰ্চ ইঞ্জিনটোৱে top 10 criminals হিচাপে কৰা সন্ধানৰ ৰিজাল্টত নিহত সন্ত্ৰাসবাদী ওচামা বিন লাডেনৰ লগতে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবিও প্ৰদৰ্শন কৰি পিছত ক্ষমা খুজিছিল।