NORTHEAST NOW (Assamese)
Popular Stories

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 22, 2021 2:26 pm

অষ্ট্ৰেলিয়াত ঐতিহাসিক টেষ্ট শৃংখলা দখল কৰা ভাৰতীয় দলক গুগলে এক বিশেষ ধৰণেৰে শুভেচ্ছা জনোৱা কাৰ্যই তীব্ৰ চৰ্চাৰ বিষয় হৈ পৰিছে।

যেতিয়া কোনোবাই গুগলত ভাৰতীয় ক্ৰিকেট দল বুলি চাৰ্চ কৰে তেন্তে তেওঁক ভাৰ্চুৱেল ফটকাৰে স্বাগতম জনোৱা হয়।

গুগলে টুইটাৰৰ জৰিয়তে এই কথা ঘোষণা কৰে।

বুধবাৰে কৰা টুইটত গুগলে কয় যে এতিয়াও ভাৰতৰ জয়ৰ আনন্দ উল্লাস কৰি আছে? আমিও।

গুগলৰ চিইঅ’ সুন্দৰ পিচাই, মাইক্ৰ’ছফ্টৰ চিইঅ’ সত্যা নডেলাইও ভাৰতীয় দলৰ এই ঐতিহাসিক বিজয়ত শুভেচ্ছা জ্ঞাপন কৰিছে।

সুন্দৰ পিচাইয়ে টুইট কৰি কয়, ‘এইপৰ্যন্ত জয় হোৱা টেষ্ট শৃংখলাৰ এইটো অন্যতম সৰ্বশ্ৰেষ্ঠ। ভাৰতীয় দলক শুভেচ্ছা আৰু অষ্ট্ৰেলিয়াও ভাল খেলিছে’।

ইফালে নডেলাই টুইটযোগে অন্তিম টেষ্টখনৰ অন্তিম দিনাৰ অন্তিম ঘণ্টাটো বহু দিনলৈ মনত থাকিব বুলি মন্তব্য কৰিছে।

উল্লেখ্য যে ভাৰতীয় দলে অষ্ট্ৰেলিয়াক ২-১ৰ ব্যৱধানত পৰাস্ত কৰি ব’ৰ্ডাৰ-গাভাস্কাৰ টেষ্ট শৃংখলাটো ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে দখল কৰে।S