NORTHEAST NOW (Assamese)
Popular Stories

লকডাউনত কৰ্মসংস্থান হেৰুওৱাসকলৰ বাবে সুখবৰ : Googleএ দিব চাকৰিৰ সন্ধান!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 20, 2020 7:40 am
jobs.jpg

ক’ৰ’ণা কালত বহুতে হেৰুৱাইছে কৰ্মসংস্থান।

ক’ৰ’ণাই মাতি অনা দুৰ্গতিৰ সময়ত কৰ্মসংস্থান হেৰুওৱাসকলে সন্ধান লাভ কৰা নাই নতুন চাকৰিৰ।

তেনে সময়তে Googleএ চাকৰিৰ সন্ধান দিবলৈ আগবাঢ়িছে চাকৰি প্ৰত্যাশীক।

Googleএ ইতিমধ্যে ২০১৮ চনত বাংলাদেশ আৰু ২০১৯ত ইন্দোনেছিয়াত ‘কৰ্ম জবছ’ আৰম্ভ কৰিছিল।

এতিয়া এই এপৰ জৰিয়তে Googleএ ভাৰততো আৰম্ভ কৰিব চাকৰিৰ সন্ধান দিবলৈ চাকৰিৰ প্ৰত্যাশীক।

জানিব পৰা মতে ভাৰতত চাকৰি প্ৰত্যাশীৰ বাবে আৰম্ভ কৰিব খোজা Googleএ এই এপটো আমেৰিকান সংস্থা মাইক্ৰ’ছফটৰ লিঙ্কডইন(LinkedIn) বা ভাৰতীয় সংস্থা নকড়ীৰ(Naukri) দৰেই কাম কৰিব।

ইয়াৰ বাবে ইউজাৰে নিজৰ এটা প্ৰফাইল খুলিব লাগিব আৰু তাত ইউজাৰে নিজৰ প্ৰয়োজনীয় সমস্ত তথ্য দিয়াৰ লগতে এখন CVয়ো আপলোড কৰিব লাগিব। ইয়াৰ বাবে এপছটোত বিষেশভাৱে ডিজিটেল CV তৈয়াৰ কৰিব লাগিব।

ইয়াৰ পূৰ্বে Googleএ Google Pay নামৰ এপটোত চাকৰি প্ৰাৰ্থীৰ বাবে এক বিশেষ ফিচাৰ সংলগ্ন কৰিছিল।

আনহাতে দেশত ২০১৮ চনৰ পৰা চাকৰি সন্ধানৰ বাবে বিভিন্ন অনলাইন চাইট উপলব্ধ থাকিলেও Googleৰ নতুন এপটোৱে ভাৰতত চাকৰি প্ৰত্যাশীক উন্নত মানৰ সেৱা প্ৰদান কৰিবলৈ সক্ষম হ’ব আশা কৰিছে প্ৰতিষ্ঠানটোৱে।