NORTHEAST NOW (Assamese)

গুৱাহাটীৰ সংবাদ কৰ্মীৰ মাজত খাদ্য সামগ্ৰী বিতৰণ গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ

April 18, 2020 2:18 pm · দীপজ্যোতি শৰ্মা
Updated: April 18, 2020 6:43 pm
ফটো : নৰ্থ-ইষ্ট নাও

ক’ৰ’না সক্ৰমন ৰোধৰ বাবে নৰেন্দ্ৰ মোদীয়ে ৩ মে’লৈ সমগ্ৰ দেশতে জাৰি কৰা লকডাউনৰ ফলত সমস্যাত পৰা লোকসকলক সহায়ৰ বাবে বহু দল-সংগঠন তথা স্বেচ্ছাসেৱী সংস্থা আগবাঢ়ি অহা পৰিলক্ষিত হৈছে।

আজি গুৱাহাটী মহানগৰীত কৰ্মৰত বিভিন্ন সংবাদ মাধ্যম তথা সংবাদ প্ৰতিষ্ঠানৰ অৰ্ধ শতাধিক সাংবাদিক-সংবাদকৰ্মীৰ মাজত গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিয়ে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।

সংবাদ কৰ্মীসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি সংগঠনটোৱে আন আন সংগঠন সমূহকো এই জটিল পৰিস্থিতিত সাহায্য আগবঢ়াবলৈ অনুৰোধ জনায়।

সংবাদকৰ্মী সকলৰ মাজত বিতৰণ কৰা খাদ্য সামগ্ৰীৰ ভিতৰত আছে চাউল, দাইল, মিঠাতেল, বিস্কুট, চাবোন, চাহপাত, চেনী আদি।

বিশিষ্ট সমাজসেৱক নুৰুল হ’ক, এম এইচ চৌধূৰী, আজনূৰ আলী, চহিদ আলী আহমেদ আৰু সুৰেশ প্ৰসাদৰ অৰ্থ সাহায্যত পৰিষদৰ মহানগৰ সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ইছমাইল আলীয়ে এই খাদ্য সামগ্ৰী বিতৰণ কৰে।

আনহাতে গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সাহায্য বিতৰণত দিচপুৰ প্ৰেছ ক্লাবেও সহযোগিতাৰ হাত আগবঢ়ায়।

উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ্মৰত আৰ্থিক ভাৱে স্বচ্ছল নোহৱা সাংবাদিক-সংবাদকৰ্মী সকলক সহায়ৰ হাত আগবঢ়াবলৈ দিছপুৰ প্ৰেছ ক্লাব আৰু জাৰ্নেলিষ্ট এছ’চিয়েশ্যন ফৰ আসাম চমুকৈ জাফাই  দল-সংগঠনৰ প্ৰতি আহ্বান জনাইছিল।

Related News