NORTHEAST NOW (Assamese)
Popular Stories

‘গুৰু পূজা’ অনুষ্ঠানক লৈ কেৰালাত চৰকাৰ আৰু ৰাজ্যপালৰ মাজত মতবিৰোধ! চৰকাৰ এই পূজাৰ বিৰোধী হোৱাৰ বিপৰীতে ৰাজ্যপালে কৰিছে সমৰ্থন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 15, 2025 3:20 pm
‘গুৰু পূজা’ অনুষ্ঠানক লৈ কেৰালাত চৰকাৰ আৰু ৰাজ্যপালৰ মাজত মতবিৰোধ! চৰকাৰ এই পূজাৰ বিৰোধী হোৱাৰ বিপৰীতে ৰাজ্যপালে কৰিছে সমৰ্থন

‘গুৰু পূজা’ ভাৰতীয় সংস্কৃতিৰ অংশ হিচাপে আমি আমাৰ গুৰুৰ চৰণত ফুল আগবঢ়াই দিওঁ। কেৰেলাত গুৰু পূজাক লৈ চৰকাৰ আৰু ৰাজ্যপালে ভিন্ন মত আগবঢ়াইছে। ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে কেৰালাৰ দুখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে কৰা গুৰু পূজাৰ প্ৰথাক সমৰ্থন কৰিছে।

কেৰালাৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে দেওবাৰে ‘গুৰু পূজাৰ প্ৰথাক কঠোৰভাৱে সমৰ্থন কৰি কয় যে “শিক্ষকৰ ভৰিত ফুল আগবঢ়োৱাটো ভাৰতীয় সংস্কৃতিৰ অংশ

শেহতীয়াকৈ, কেৰালাত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বৰ্ডৰ দুখন বিদ্যালয়ত ‘পদা পূজা (ভৰি ধোৱা অনুষ্ঠান)ৰ ঘটনাক গৰিহণা দিয়াৰ পিছতে আৰ্লেকাৰৰ এই মন্তব্য।

ৰাজ্য চৰকাৰে দিয়া গৰিহনাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি ৰাজ্যপাল আৰ্লেকাৰে কয় যে এই লোকসকল কি সংস্কৃতিৰ পৰা আহিছে সেয়া মই বুজি নাপাওঁ বুলি কোৱা কথা সংবাদ সংস্থা পিটি আইয়ে প্ৰকাশ কৰিছে।

উল্লেখ্য যে, বালাৰামাপুৰমত সোঁপন্থী সংগঠন বালাগোকুলামে আয়োজন কৰা এক অনুষ্ঠানত ভাষণ দি আৰ্লেকাৰে কয়, “গুৰু পূজা আমাৰ সংস্কৃতিৰ অংশ যত আমি আমাৰ গুৰুৰ ভৰিত ফুল আগবঢ়াইছো। কিন্তু কিছুমান মানুহে ইয়াৰ বিৰুদ্ধে আপত্তি কৰিছে। যদি আমি আমাৰ সংস্কৃতি পাহৰি যাওঁ তেন্তে আমি নিজকে পাহৰি যাম।

শনিবাৰে কেৰেলাৰ শিক্ষামন্ত্ৰী ভি শিৱনকুট্টিয়ে ছাত্ৰ-ছাত্ৰীক অৱসৰপ্ৰাপ্ত শিক্ষকৰ ভৰি ধুবলৈ কোৱাৰ খবৰ পাই আচৰিত ভাবে মন্তব্য প্ৰকাশ কৰে। শিৱনকুট্টিয়ে এই কাৰ্য্যক নিন্দনীয় আৰু গণতান্ত্ৰিক মূল্যবোধৰ বিৰুদ্ধে বুলি অভিহিত কৰে।

চিপি আই ৰ ৰাজ্যিক সম্পাদক এম ভি গোবিন্দনে ও এই অনুষ্ঠানক কেৰালাৰ ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক তন্ত্ৰ ধ্বংস কৰাৰ, আৰ এছ এছৰ এজেণ্ডাৰৰ অংশ বুলি অভিযোগ উত্থাপন কৰিছে।

বিশেষকৈ আৰ এছ এছৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহত নৱ প্ৰজন্মৰ মাজত ভাল মানসিকতা বজাই ৰখাৰ লক্ষ্যৰে এনেধৰণৰ প্ৰথাৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ কয়।

আৰ্লেকাৰৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সাধাৰাণ সম্পাদক কে চি ভেনুগোপালে কয় “স্কুলীয়া ছাত্ৰ-ছাত্ৰীক শিক্ষকৰ ভৰি ধুবলৈ দিয়া ৰাজ্যপালৰ এই সিদ্ধান্তক ন্যায্যতা প্ৰদান কৰা কেৰালাৰ বাবে লজ্জাজনক।