NORTHEAST NOW (Assamese)

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

February 25, 2021 7:31 am · এন ই নাও নিউজ

বুধবাৰে বিনিয়োগ আৰু ৰাজহুৱা সম্পদ ব্যৱস্থাপনা বিভাগে সম্প্ৰচাৰ কৰা এখন ৱেবিনাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱা খণ্ডৰ সম্পদসমূহ ব্যক্তিগত খণ্ডক বিক্ৰী কৰাৰ সপক্ষত কেইবাটাও বক্তব্য প্ৰদান কৰে।

তেওঁ কয় যে চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়। তেওঁৰ চৰকাৰখনে জনসাধাৰণৰ লাভালাভৰ কথা চিন্তা কৰি কাম কৰি আহিছে বুলি সদৰী কৰে।

তদুপৰি কৰদাতাসকলে অত্যধিক কৰ ভৰিব লগা হোৱাৰ বাবেও চৰকাৰে ব্যক্তিগতকৰণৰ পদক্ষেপ লৈছে বুলি জনায়।

‘‘যেতিয়া এখন চৰকাৰে ব্যৱসায়ত জড়িত হয়, তেতিয়া লোকচান হয়। চৰকাৰ আইনৰ ওচৰত বাধ্য আৰু শক্তিশালী ব্যৱসায়িক সিদ্ধান্ত ল’বলৈ সাহসী নহয়।’’ প্ৰধানমন্ত্ৰীয়ে অনুভৱ কৰে।

তেওঁ কয় যে ব্যৱসায় আৰু উদ্যোগসমূহক সহযোগ কৰাটো চৰকাৰৰ দায়িত্ব, কিন্তু চৰকাৰে নিজেই উদ্যোগৰ গৰাকী হৈ পৰিচালনা কৰাটো অপৰিহাৰ্য নহয়।

২০২১ বৰ্ষৰ বাজেট সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে কয় যে বাজেটখনে ভাৰতক এখন উন্নত অৰ্থনীতিৰ ৰাষ্ট্ৰলৈ লৈ যোৱাৰ বাবে এটা পথ।

Related News