NORTHEAST NOW (Assamese)
দেশ

যোৱা ছয় মাহত পুঁজিপতিৰ ৪৬,৩৮২ কোটি টকাৰ ঋণ মাফ কৰিলে ভাৰত চৰকাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 1, 2021 11:24 am
Loan waiv of corporate's in last six month

চলিত সংসদৰ শীতকালীন অধিৱেশনত পুঁজিপতিৰ প্ৰতি ভাৰত চৰকাৰৰ নমনীয় নীতিৰ এক ছবি পোহৰলৈ আহিছে । সংসদত বিত্ত মন্ত্ৰালয়ৰ এক লিখিত উত্তৰত প্ৰকাশ পাইছে যে ভাৰত চৰকাৰে এই বছৰৰ প্ৰথম ছয় মাহতে পুঁজিপতি সকলক ৪৬,৩৮২ কোটি টকাৰ ঋণ ৰেহাই দিছে।

সাংসদ সুশীল কুমাৰ সিঙে বিত্ত মন্ত্ৰীক কৰ্পোৰেট ঋণ ৰেহাই সম্পৰ্কীয় প্ৰশ্ন উত্থাপন কৰে। সাংসদ গৰাকীয়ে কয়, “চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ন মাহত বেঙ্কে ১.৫ লাখ কোটি টকাৰ ঋণ বন্ধ কৰিছিল বুলি প্ৰকাশ পাইছে। ই সত্য নেকি ? যদি হয় ইয়াৰ বিৱৰণ দিব লাগে।”

কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী ড০ ভাগৱত কাৰাডে লিখিত উত্তৰত কয়, “বিশ্বব্যাপী কাৰ্যকলাপৰ ওপৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি অনুসূচীত বাণিজ্যিক বেংকে চলিত বিত্তীয় বৰ্ষ ২০২১-২২ বৰ্ষৰ প্ৰথমাৰ্ধত ৪৬,৩৮২ কোটি টকাৰ ঋণ মাফ কৰি দিছে।”

সুশীল কুমাৰ সিঙে ঋণ মাফ হোৱা কৰ্পোৰেট হাউচসমূহৰ নাম প্ৰকাশ কৰিবলৈ আহ্বান জনায় যদিও চৰকাৰে নিয়মৰ দোহাই দি নাম উল্লেখ কৰাৰ পৰা বিৰত থাকে।