NORTHEAST NOW (Assamese)
দেশ

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 3, 2025 5:30 pm

২০২৬ চনৰ গণৰাজ্য দিৱসত ঘোষণা হবলগীয়া পদ্ম বঁটা-২০২৬ৰ মনোনয়ন প্ৰক্ৰিয়া যোৱা ১৫ মাৰ্চৰ পৰা আৰম্ভ হৈছে।পদ্ম বঁটাৰ বাবে মনোনয়নৰ অন্তিম তাৰিখ ৩১ জুলাই, ২০২৫ ধাৰ্য্য  কৰা হৈছে । পদ্ম বঁটাৰ বাবে মনোনয়ন কেৱল ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল  (https://awards.gov.in) ৰ জড়িয়তে অনলাইনযোগে গ্ৰহণ কৰা হব বুলি চৰকাৰে জানিবলৈ দিছে।

পদ্ম বঁটাসমূহ  অৰ্থাৎ পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ ভিতৰৰে  অন্যতম বঁটা। ১৯৫৪ চনৰ পৰা  আৰম্ভ  কৰা  এই বঁটাসমূহ প্ৰতি বছৰে গণৰাজ্য দিৱস উপলক্ষে্য ঘোষণা কৰা হয়। এই বঁটাসমূহ ‘বিশেষত্বপূৰ্ণ কামৰ স্বীকৃতি স্বৰূপে প্ৰদান কৰা হয়।   

এই বঁটা সকলো ক্ষেত্ৰতে বিশিষ্ট তথা ব্যতিক্ৰমী সেৱাৰ বাবে প্ৰদান কৰা হয়। তেনে ক্ষেত্ৰসমূহ হৈছে  কলা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, চিকিৎসা, সমাজ কৰ্ম, বিজ্ঞান আৰু অভিযান্ত্ৰিক, জনসংযোগ, অসামৰিক সেৱা, বাণিজ্য তথা  উদ্যোগ ইত্যাদি। বৰ্ণ, পেছা, পদবী বা লিংগৰ ভিন্নতা নিৰ্বিশেষে যিকোনো ব্যক্তি এই বঁটা  লাভ কৰিবলৈ যোগ্য।

চিকিৎসক আৰু বিজ্ঞানীৰ বাহিৰে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত  চাকৰিয়ালকে  ধৰি চৰকাৰী চাকৰিয়ালসকল পদ্ম বঁটাৰ বাবে যোগ্য নহয়।

এই বঁটাৰ বাবে মহিলা, সমাজৰ দুৰ্বল শ্ৰেণী, অনুসূচিত জাতি আৰু অনুসূচিত জাতি, দিব্যাং ব্যক্তি তথা  সমাজৰ হকে নিস্বাৰ্থ সেৱা কৰি থকা প্ৰতিভাৱান ব্যক্তিসকলক চিনাক্ত কৰাৰ অৰ্থে সংহত প্ৰচেষ্টা চলোৱা  হৈছে।