NORTHEAST NOW (Assamese)
অসম

কাৰাৰুদ্ধ এন ডি এফ বি নেতাৰ গোচৰ উঠাই লোৱাৰ বাবে আমি আদালতত আবেদন কৰিম : হিমন্ত বিশ্ব শৰ্মা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 29, 2021 5:27 pm
0b3d4b66-4e9d-4dc4-a050-ce90bd302a40

কাৰাৰুদ্ধ এন ডি এফ বিদ্ৰোহী সকলৰ বিৰুদ্ধে চলি থকা গোচৰ সমূহ উঠাই লোৱাৰ বাবে অসম চৰকাৰে আদালতত আবেদন কৰিব বুলি আজি হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত মন্তব্য কৰে।

কাৰাৰুদ্ধ হৈ থকা এন ডি এফ ডি নেতা সকলে যাতে শীঘ্ৰে মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰে সেই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰে এন ডি এফ বি সংক্ৰান্তীয় গোচৰ সমূহ ফাষ্টট্ৰেক আদালতত সমাধান হোৱাটো বিচাৰে বুলিও হিমন্ত বিশ্ব শৰ্মাই লগতে কয়।

হিমন্ত বিশ্ব শৰ্মাই বি টি আৰ চুক্তিয়ে বি টি এ ডি অঞ্চললৈ শান্তি ঘুৰাই আনিছে বুলি হিমন্তই লগতে কয়।

আনহাতে, কংগ্ৰেছ আগন্তুক বিধানসভা নিৰ্বাচনত ১০০ ৰ অধিক আসন লাভ কৰা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছে অসমত নহয় বাংলাদেশত ১০০ অধিক আসন লাভ কৰিব বুলি কয়।