NORTHEAST NOW (Assamese)

মধ্যাহ্ন ভোজনৰ নামত চৰকাৰৰ ভেকোভাওনা: শিক্ষাৰ্থীৰ বাবে আবণ্টিত দৈনিক ৬.৭৮ টকাক ভৰ্ৎসনা এছএফআই-ৰ

November 23, 2025 9:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 23, 2025 5:46 pm

কেন্দ্ৰীয় চৰকাৰৰ ‘প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ’ (পূৰ্বৰ মধ্যাহ্ন ভোজন) আঁচনিৰ ফোপোলা স্বৰূপ শেহতীয়াকৈ মঙলদৈৰ এখন বিদ্যালয়ৰ ঘটনাই পোহৰলৈ অনাৰ পাছত এছ এফ আই (SFI), অসম ৰাজ্যিক কমিটিয়ে চৰকাৰৰ ছাত্ৰ-বিৰোধী নীতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

একোগৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে চৰকাৰে দৈনিক মাত্ৰ ৬.৭৮ টকা আবণ্টন দিয়া কাৰ্যক এছ এফ আই এ চৰম লজ্জাজনক আৰু শিক্ষাৰ্থীৰ লগত কৰা প্ৰহসন বুলি অভিহিত কৰিছে। বজাৰত এটা কণীৰ দাম য’ত ৮ টকা, তেনেস্থলত ৬.৭৮ টকাৰে এখন বিদ্যালয়ে কেনেকৈ ছাত্ৰ-ছাত্ৰীক পুষ্টিকৰ আহাৰ আৰু এটা সম্পূৰ্ণ কণী যোগান ধৰিব, সেয়া চৰকাৰৰ অৰ্থহীন নীতিৰ এক জ্বলন্ত উদাহৰণ।

মঙলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ত পোহৰলৈ অহা ঘটনাৰ প্ৰসংগ উল্লেখ কৰি এছএফআইয়ে স্পষ্ট কৰি দিয়ে যে, ছাত্ৰ-ছাত্ৰীক কণী ভাঙি বা ফালি দিয়াৰ বাবে প্ৰধান শিক্ষক বা শিক্ষকসকল জগৰীয়া নহয়; বৰং জগৰীয়া হ’ল চৰকাৰৰ এই অবাস্তৱ আবণ্টন নীতি। ৬.৭৮ টকাৰে চাউল, দাইল, তেল, খৰি, মচলা আৰু কণী যোগাৰ কৰাটো অসম্ভৱ। এই নামমাত্ৰ ধনৰাশিৰে শিক্ষাৰ্থীক পুষ্টিকৰ আহাৰ যোগান ধৰিবলৈ গৈ শিক্ষক সমাজে আজি ৰাইজৰ ওচৰত জবাবদিহি হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, যিটো অতি দুৰ্ভাগ্যজনক।

এছ এফ আই, অসম ৰাজ্যিক কমিটিয়ে দাবী জনায় যে:

১. বৰ্তমানৰ বজাৰ মূল্য আৰু মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি ‘প্ৰধানমন্ত্ৰী পোষণ’ আঁচনিৰ দৈনিক আবণ্টন ৬.৭৮ টকাৰ পৰা তাৎক্ষণিকভাৱে বৃদ্ধি কৰি বিজ্ঞানসন্মত আৰু যুক্তিসংগত কৰিব লাগে।

২. বিদ্যালয়সমূহলৈ প্ৰাপ্য ধন নিয়মীয়া আৰু সময়মতে মুকলি কৰি দিব লাগে, যাতে শিক্ষকসকলে কোনো ধৰণৰ অপমানৰ সন্মুখীন হ’ব নালাগে।

৩. চৰকাৰৰ ভুল নীতিৰ বাবে শিক্ষকসকলক ৰাইজৰ আগত হেয় প্ৰতিপন্ন কৰা বন্ধ হ’ব লাগে।

ছাত্ৰ-ছাত্ৰীৰ পুষ্টি আৰু স্বাস্থ্যৰ সৈতে হেতালি খেলা এই কাৰ্য চৰকাৰে বন্ধ নকৰিলে এছ.এফ.আইয়ে আগন্তুক দিনত তীব্ৰ আন্দোলন গঢ়ি তুলিব।

Related News