NORTHEAST NOW (Assamese)
অসম

ৰাজ্য চৰকাৰ অসমৰ খিলঞ্জীয়া লোকৰ অধিকাৰৰ প্ৰতি সম্পূৰ্ণৰূপে দায়বদ্ধ : ৰাজ্যপাল

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 26, 2020 11:18 am
index 9

আজি ৭১ তম গণৰাজ্য দিৱস উপলক্ষে খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে অনুষ্ঠানত উপস্থিতি থাকি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে ৰাজ্যবাসীক উদ্দেশ্যি তেওঁৰ ভাষণ আগবঢ়ায়।

তেওঁ কয় যে আজি দেশৰ প্ৰত্যেক নাগৰিকে হৰ্ষ উল্লাসেৰে গণ ৰাজ্য দিৱস পালন কৰিছে। এই শুভক্ষণত আমি আমাৰ সংবিধান প্ৰণেতা সকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো।

সমগ্ৰ বিশ্বই আজি আমাৰ ফালে আশাৰে চাইছে। আমি এনে এখন ভাৰত নিৰ্মাণ কৰিব লাগিব য’ত ক্ষুধা-দৰিদ্ৰতা, নিবনুৱা সমস্যা নাথাকে।

ৰাজ্যপাল গৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে অসমৰ খিলঞ্জীয়া লোক সকলৰ অধিকাৰৰ প্ৰতি সম্পূৰ্ণৰূপে দায়বদ্ধ। যোৱা তিনি বছৰ ছয় মাহত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সমন্বয় ৰক্ষা কৰি অসমীয়াৰ স্বাভিমানৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰি আছো। অসম চুক্তিৰ ৬ নং দফা সম্পূৰ্ণ ৰূপায়ণৰ জোৰ দিয়াটোৱেই ইয়াৰ উদ্দেশ্য আৰু নীতিক প্ৰতিফলিত কৰে।

তেওঁ কয় যে  বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠন হোৱা উচ্চস্তৰীয় কমিটিয়ে প্ৰতিবেদন দাখিল কৰাৰ পাছত অসমবাসীয়ে সাংবিধানিক সুৰক্ষা কৱচ লাভ কৰিব আৰু তেওঁলোকৰ ৰাজনৈতিক, ভাষিক আৰু সাংস্কৃতিক অধিকাৰ সুৰক্ষিত হ’ব।

‘’সংবিধান সংশোধন কৰি অসমীয়া ভাষাক স্থায়ী ৰাজ্য ভাষা হিচাপে স্বীকৃতি দিবলৈ কেবিনেটে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে। ইয়াৰ লগতে ভাষা গৌৰৱ নামেৰে এখন আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিৰ জৰিয়তে যুৱ লেখক সকলক আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। বেচৰকাৰী বিদ্যালয়ত অসমীয়া ভাষাৰ শিক্ষা প্ৰদান কৰাটো বাধ্যতামূলক কৰা হ’ব। ইয়াৰ বাবে  অতি শীঘ্ৰে প্ৰয়োজনীয় আইন প্ৰণয়ন কৰা হ’ব,’’-ৰাজ্যপালগৰাকীয়ে লগতে কয়।

তেওঁ জানিব দিয়ে যে অসম সাহিত্য সভাক ১০ কোটি টকা,বড়ো সাহিত্য সভাক ৫ কোটি টকা আৰু অন্যান্য ২০ খন সাহিত্য সভাৰ প্ৰতিখনলৈ ৩ কোটি টকাকৈ অনুদান প্ৰদান কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।

‘’জাতি মাটি আৰু ভেটিৰ শ্লোগান আমাৰ বাবে কেৱল শ্লোগানেই নহয়, এইটো এটা সংকল্প। এই সংকল্পত আমি অটল,’’-অধ্যাপক মুখীয়ে কয়।

তেওঁ লগতে কয়, ‘’ভূমিহীন পৰিয়ালসমূহক ভূমি পট্টা দিয়াৰ কাম আৰম্ভ কৰা হৈছে আৰু অতি শীঘ্ৰে আমি ১ লাখ ভূমিহীন লোকক মাটি পট্টা প্ৰদানৰ কাম সম্পূৰ্ণ কৰিম।‘’

index
খানাপাৰাত অভিবাদন গ্ৰহণ ৰাজ্যপাল অধ্যাপক জগদীশমুখীৰ। ফটো: নৰ্থইষ্ট নাও

সত্ৰৰ ভূমিত যিকোনো ধৰণৰ বেদখলমুক্ত কৰাটো আমাৰ কৰ্তব্য আৰু আমি অৱিৰতভাৱে এই দিশত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছোঁ বুলি ৰাজ্যপালগৰাকীয়ে ১৬০ খন সত্ৰ আৰু ধৰ্মীয় অনুষ্ঠানক অসম দৰ্শন আঁচনিৰ অধীনত ২ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে বুলি জানিব দিয়ে।

‘’মৰাণ, মটক আৰু কোচ-ৰাজবংশী লোকসকলৰ বাবে নতুন স্বায়ত্ত শাসিত পৰিষদ আৰু টাই আহোম তথা চুতীয়া সম্প্ৰদায়ৰ বাবে পুনৰ উন্নয়ন পৰিষদ গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। প্ৰতিটো সম্প্ৰদায়লৈ ১২৫ কোটি টকাকৈ প্ৰদানৰ বিশেষ সুবিধা ঘোষণা কৰা হৈছে,’’-ৰাজ্যপালে কয়।

চাহ বাগানত কৰ্ম সংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত দয়াল দাস পানী স্বনিয়োজন আঁচনি, অন্ন যোজনাৰ অধীনত প্ৰতি পৰিয়ালক ২ কেজি চেনি বিতৰণ কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে।

তেওঁ কয় যে অসম চুক্তিক সঠিক ৰূপত ৰূপায়ণ কৰিবলৈ লোৱা হৈছে। ৮০৪ গৰাকী চহিদৰ প্ৰতিটো পৰিয়ালক ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে।

‘’আমাৰ ৰাজ্যত ৯২% জনতা স্বাস্থ্য সুৰক্ষা আঁচনিৰ অধীনত অন্তৰ্ভূক্ত হৈছে। ৯৯% লোকৰ ঘৰত শৌচালয় নিৰ্মাণ হৈছে, ৯৯% জনতাৰ ঘৰত বিদ্যুৎ ব্যৱস্থা আছে।  ২৭ লাখ খেতিয়কৰ বেংক একাউণ্টত  ১৫৯৮ কোটি টকা জমা কৰোৱা হৈছে, ১ কোটি ৪৫ লাখ জন ধন যোজনাৰ একাউণ্ট খোলা হৈছে, ৩ লাখ নতুন গৃহ নিৰ্মাণ হৈছে,’’-ৰাজ্যপালগৰাকীয়ে এইদৰে ৰাজ্যচৰকাৰৰ কল্যাণমূলক কামৰ খতিয়ান দাঙি ধৰে।

এই অনুষ্ঠানতে ৰাজ্যপাল জগদীশ মুখীয়ে পদ্মশ্ৰী বঁটাৰ বাবে নিৰ্বাচিত অসমৰ পাঁচজন ব্যক্তি ক্ৰমে ইন্দিৰা পি পি বৰা, যোগেন্দ্ৰ নাথ ফুকন, ডাঃ কুশল কোঁৱৰ শৰ্মা,লীল বাহাদুৰ চেত্ৰী আৰু ডাঃ ৰভি কান্নান আৰক সম্বৰ্ধনা জনায়।