NORTHEAST NOW (Assamese)
অসম

ভাৰতীয় ৰেডিঅ’ এষ্ট্ৰ’নোমিৰ পিতৃ পুৰুষ প্ৰখ্যাত বিজ্ঞানী গোবিন্দ স্বৰূপৰ দেহাৱসান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 8, 2020 10:06 pm

ভাৰতীয় ৰেডিঅ’ এষ্ট্ৰ’নোমিৰ পিতৃ পুৰুষ গোবিন্দ স্বৰূপৰ সোমবাৰে ৯১ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে।

বাৰ্ধক্যজনিত অসুস্থতাত ভুগি থকা প্ৰখ্যাত বিজ্ঞানী গৰাকীয়ে পুনেৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে।

গোবিন্দ স্বৰূপ টাটা ইষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্ছৰ নেশ্যনেল চেণ্টাৰ ফৰ ৰেডিঅ’ এষ্ট্ৰ’ফিজিক্সৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল।

প্ৰখ্যাত বিজ্ঞানী গোবিন্দ স্বৰূপে অ’টি ৰেডিঅ’ টেলিস্কোপ আৰু মেটৰৱেভ ৰেডিঅ’ টেলিস্কোপ প্ৰস্তুত কৰি উলিয়াইছিল

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোবিন্দ স্বৰূপৰ মৃত্যুত শোক ব্যক্ত কৰাৰ লগতে তেখেতৰ মহান বৈজ্ঞানীক কৰ্মৰাজিয়ে বিশ্বৰ আকৰ্ষণ লাভ কৰিবলৈ সক্ষম হৈছিল বুলি মত ব্যক্ত কৰে।

আনহাতে, ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও গোবিন্দৰ মৃত্যুত শোক ব্যক্ত কৰি বিশ্বই এগৰাকী আগশাৰীৰ জ্যোতিৰ্বিদ হেৰুৱালে বুলি উল্লেখ কৰে।

গোবিন্দ স্বৰূপমৰ মৃত্যুত প্ৰধান মন্ত্ৰী, ৰাষ্ট্ৰপতিৰ লগতে দেশৰ বিভিন্ন বিজ্ঞানীয়ে গভীৰ শোক ব্যক্ত কৰে।