NORTHEAST NOW (Assamese)
অসম

গোলাঘাটৰ চুলাই মদত বিষক্ৰিয়া ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰী সোণোৱালৰ

Posted by: এন ই নাও নিউজ February 22, 2019 10:15 pm

গোলাঘাট জিলাত বিষাক্ত সুৰাপান কৰি মহিলাসহ কেইবাগৰাকী লোকৰ মৃত্যুত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্য মন্ত্ৰী গৰাকীয়ে উজনি অসমৰ আয়ুক্ত জুলী সোণোৱালক এই ঘটনাৰ তদন্ত কৰাৰ বাবে ইতিমধ্যে নিৰ্দেশ দিছে। লগতে তদন্তৰ প্ৰতিবেদন শীঘ্ৰে ৰাজ্য চৰকাৰৰ ওচৰত দাখিল কৰিবলৈও নিৰ্দেশ দিছে।

মুখ্য মন্ত্ৰী গৰাকীয়ে বিদ্যুৎ বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাথা আৰু বিধায়ক মৃণাল শইকীয়াক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ নিৰ্দেশ দিয়ে।

তাৰোপৰি মুখ্য মন্ত্ৰীয়ে এই সন্দৰ্ভত আবকাৰী আৰু স্বাস্থ্য বিভাগক কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবেও নিৰ্দেশ দিয়ে। ভৱিষ্যতে যাতে এনে ধৰণৰ ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবেও মুখ্য মন্ত্ৰী সোণোৱালে আবকাৰী বিভাগক নিৰ্দেশ দিয়ে।