NORTHEAST NOW (Assamese)
অসম

কাৰিকৰী বিজুটি ঘটি এখন ৰাফেল যুদ্ধ বিমান ধ্বংস; মিছা টুইট সম্পৰ্কে স্পষ্টীকৰণ দিলে পি আই বিয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 11, 2020 6:55 pm

আম্বালা বায়ু সেনা বাহিনী ঘাটিৰ ওচৰত প্ৰশিক্ষণৰ সময়ত এখন ৰাফেল যুদ্ধ বিমানৰ কাৰিকৰী বিজুতি ঘটি ধ্বংস হোৱা আৰু এগৰাকী পাইলটৰ মৃত্যু হোৱা ভূৱা টুইট সম্বন্ধে স্পষ্টীকৰণ দিছে কেন্দ্ৰীয় চৰকাৰে।

প্ৰেছ ইনফৰমেশ্যন ব্যুৰোই (পি আই বি) বায়ু সেনা বাহিনীৰ নাম লৈ প্ৰকাশ কৰা টুইটটো মিছা আৰু বায়ু সেনা বাহিনীয়ে কোনোধৰণৰ এনে টুইট কৰা নাই বুলি প্ৰকাশ কৰে।

”বৰ দুখজনক বাতৰি, আম্বালা বায়ু সেনা বাহিনী ঘাটিৰ ওচৰত প্ৰশিক্ষণৰ সময়ত কাৰিকৰী বিজুটি ঘটি এখন ৰাফেল যুদ্ধ বিমান ধ্বংস হয় আৰু এগৰাকী পাইলট শ্বহীদ হয়,” ভাৰতীয় বায়ু সেনা বাহিনীৰ নাম লৈ প্ৰকাশ কৰা টুইটটোত এনেদৰে উল্লেখ কৰা হৈছিল।

উল্লেখযোগ্য যে, ৰাফেল যুদ্ধ বিমান আৰু ভাৰতীয় বায়ুসেনা বাহিনীক বদনাম কৰাৰ বাবেই কোনো দুষ্ট চক্ৰই এনেধৰণে অপপ্ৰচাৰ চলাইছে বুলি সচেতন মহলে উল্লেখ কৰে।

১০ ছেপ্তেম্বৰত ফ্ৰান্সৰ পৰা ক্ৰয় কৰা ৰাফেল যুদ্ধবিমান আনুষ্ঠানিকভাৱে ভাৰতীয় বায়ু সেনা বাহিনীৰ অন্তৰ্ভূক্ত কৰা হৈছিল।

উক্ত অনুষ্ঠানত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ো উপস্থিত আছিল।