NORTHEAST NOW (Assamese)
অসম

বিধায়ক অখিল গগৈক বিধানসভালৈ ঠেলি হেঁচি অনা কাৰ্যক ধিক্কাৰ দিলে জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিয়ে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 21, 2021 4:10 pm
akhil

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক বিধানসভাৰ মজিয়ালৈ নিৰাপত্তা কৰ্মীসকলে ঠেলি হেঁচি জীৱ-জন্তুৰ দৰে লৈ অহা কাৰ্যই শিৱসাগৰবাসী ৰাইজৰ লগতে সমগ্ৰ অসমীয়া ৰাইজক ঘোৰ অপমান কৰিছে।

পি এল পিৰ নীতিত গঠিত “জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি,অসম”ৰ সভাপতি ৰফিউল হুছেইন বৰুৱা আৰু সাধৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই আজি প্ৰকাশ কৰা প্ৰেছ বিবৃতিত ক্ষোভেৰে এই কথা প্ৰখাশ কৰিছে।
এই কাৰ্যই গণতান্ত্ৰিক ব্যৱস্থাটোকো চৰম অপমানিত কৰিছে বুলি উল্লেখ কৰি চৰকাৰৰ এনে কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে তীব্ৰ প্ৰতিবাদ জনায়।

তেওঁলোক দুয়ো প্রশ্ন কৰে, ‘কোভিড প্ৰটোকল ভংগ কৰি ভগা বাছ এখনত ২৫ জন আৰক্ষীৰ মাজত এজন জনপ্ৰতিনিধিক এনেদৰে সাধাৰণ আচামীৰ দৰে ঠেলি হেঁচি আনিবলৈ আদালতে নিৰ্দেশ দিছিল নেকি ?

‘এই কথা ৰাষ্ট্ৰ ব্যৱস্থাই পাহৰি যোৱা উচিৎ নহয় যে অখিল গগৈ বৰ্তমান এজন জনপ্ৰতিনিধি। জনাদেশক এনেদৰে অপমান কৰাৰ অধিকাৰ চৰকাৰ আৰু আদালতৰ আছেনে বুলিও তেওঁলোকে প্ৰশ্ন কৰে।