NORTHEAST NOW (Assamese)
অসম

শলঠেকত এমাজন-ফ্লিপকাৰ্ট! কি কাৰণে কেন্দ্ৰীয় চৰকাৰে জাননী পঠিয়ালে এই দুটা সংস্থাক?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 19, 2020 7:50 am
WhatsApp Image 2020-10-19 at 7.20.46 AM

পুনৰ শলঠেকত পৰিছে ফ্লিপকাৰ্ট আৰু এমাজন। নিয়ম উলংঘা কৰাৰ বাবেই এই বিদেশী সংস্থা দুটালৈ জানীনী জাৰি কৰিলে কেন্দ্ৰীয় চৰকাৰে।

উৎসৱৰ সময়ত সংস্থা দুটাই আয়োজন কৰা বিশেষ ৰেহাইত যিবোৰ পণ্য সামগ্ৰী বিক্ৰী কৰিছে তাত সেইহবোৰ কোন দেশত প্ৰস্তুত কৰা হৈছে সেয়া লিখা নাই।

কেন্দ্ৰীয় চৰকাৰে সংস্থা দুটাক ১৫ দিনৰ ভিতৰত জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে।

কৰ’নাৰ সংকটৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আত্মনিৰ্ভৰ ভাৰত’ নিৰ্মাণৰ আহ্বান জনাইছিল। দেশীয় সা-সামগ্ৰী ক্ৰয়ৰ ওপৰত অধিক গুৰুত্ব দিবলৈ দেশৰ জনসাধাৰণ আহ্বান জনাইছিল।

তদুপৰি, এতিয়াৰে পৰা বিক্ৰী কৰিবলগীয়া পণ্য সামগ্ৰীসমূহত সেয়া কোন দেশত উৎপাদন কৰা হৈছে তাৰ উল্লেখ কৰিবলৈয়ো নিৰ্দেশ দিছিল।

অভিযোগ অনুসৰি, ফ্লিপকাৰ্ট আৰু এমাজনে তেওঁলোকৰ উৎসৱৰ সময়ত আয়োজন কৰা বিশেষ ৰেহাইৰ মেলাসমূহত এই নিয়ম অমান্য কৰিছে। কোনো পণ্য সামগ্ৰীৰ ওপৰত সেই কথা লিখা নাই।

ইয়াৰ বাবে খড়্গহস্ত হৈ কেন্দ্ৰীয় চৰকাৰে জাননী জাৰি কৰি সংস্থা দুটাক ১৫দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে। অন্যথা ব্যৱস্থা গ্ৰহণৰ সকীয়নিও প্ৰদান কৰিছে।

এইক্ষেত্ৰত এমাজনতকৈ ফ্লিপকাৰ্ট অধিক শলঠেকত পৰিছে। কেন্দ্ৰীয় প্ৰদূষণ বোৰ্ডৰ নিয়ম উলংঘা কৰা বা বিচ্ছিনতাবাদক উৎসাহিত কৰা আদি অভিযোগত এই ই-কমাৰ্ছ সংস্থাটো ইতিমধ্যেই চৰকাৰ তথা জনসাধাৰণৰ ৰোষত পৰিছে।

কিছুদিন পূৰ্বে নাগালেণ্ডৰ ৰাজধানী কোহিমাৰ এগৰাকী গ্ৰাহকক ইয়াৰ চাৰ্ভিছ সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰত ফ্লিপকাৰ্টে জনাইছিল যে সেই ৰাজ্যখন ভাৰতৰ বাহিৰত হোৱা বাবে তাত চাৰ্ভিছ দিয়া নহয়।

ফ্লিপকাৰ্টৰ এই উত্তৰৰ পাছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল।