NORTHEAST NOW (Assamese)
অসম

পৰীক্ষাত বেছি নম্বৰ দিয়াৰ টোপ দি বহু ছাত্ৰীৰে যৌন মিলনৰ প্ৰস্তাৱ শিক্ষকৰ! কোন এই গুণধৰ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 21, 2020 9:38 am
a School-teacher-sexu

পবিত্ৰ শিক্ষাবৃত্তিত জৰিত হৈ থকা একাংশ নীচ মনোবৃত্তিৰ লোকৰ বাবেই এতিয়া বৃত্তিটোৰ গৰিমা বহু সময়ত ম্লান হোৱাৰ উপক্ৰম ঘটিছে।

দেশৰ বিভিন্ন প্ৰান্তত শিক্ষাগুৰুৱে নিজৰ কন্যাসম ছাত্ৰীক বলাৎকাৰ কৰা, যোন আতিশয্য চলোৱা আদি ঘটনা সমূহ এতিয়া দৈনন্দিন ঘটনা যেন হৈ পৰিছে।

এইবাৰ পোহৰলৈ আহিছে একেটা শ্ৰেণীৰে বহু কেইগৰাকী ছাত্ৰীক পৰীক্ষাত বেছি নম্বৰ দিয়াৰ প্ৰলোভন দি এজন শিক্ষকৰূপী নৰপিশাচে ছাত্ৰীসকলৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিব বিচৰাৰ ঘটনা।

ৰাজস্থানৰ আলোৱাৰৰ এখন হাইস্কুলৰ শিক্ষক এজনে সংঘটিত কৰিছে এই ঘটনা।

আলোৱাৰৰ বিদ্যালয় খনৰ এই গুণধৰ শিক্ষকগৰাকীৰ নাম হৈছে দেৱ প্ৰকাশ যাদৱ।

শিক্ষক জনে দীৰ্ঘ দিন ধৰি তেওঁ পঢ়োৱা শ্ৰেণীৰ প্ৰায় ভাগ ছাত্ৰীকে পৰীক্ষাত বেছি নম্বৰ দিয়াৰ টোপ দি যৌন মিলনৰ প্ৰস্তাৱ দি আহিছে।

ছাত্ৰীসকলে লাজ আৰু ভয়ত কথাবোৰ কাকো জনোৱা নাছিল যদিও শেহতীয়াকৈ বিদ্যালয় খনলৈ বিদ্যালয় পৰিদৰ্শক অহাত ছাত্ৰীসকলে সকলো কথা ফাদিল কৰি দিয়ে।

ছাত্ৰীসকলে অভিযোগ কৰা অনুসৰি শিক্ষক  যাদৱে ছাত্ৰীসকলৰ সৈতে যৌন সম্পস্থাপন কৰিবলৈ বিচৰাৰ উপৰি সদায় বহু ছাত্ৰীৰ গোপন অংগত হাত দি আহিছে।

ছাত্ৰীসকলৰ অভিযোগৰ ভিত্তিতে আলোৱাৰৰ আৰক্ষীয়ে লম্পট শিক্ষক দেৱ প্ৰকাশ যাদৱক গ্ৰেপ্তাৰ কৰিছে।

আদালতত হাজিৰ কৰোৱাৰ অন্তত শিক্ষক জনক আদালতে ২ জানুৱাৰীলৈ ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে।

গুণধৰ শিক্ষক জনৰ কাণ্ডই সকলোকে হতবাক কৰি তুলিছে।