NORTHEAST NOW (Assamese)
Popular Stories

চৰকাৰে পৰিশোধ কৰিব কৰ্মচাৰীৰ ৩ মাহৰ ই পি এফৰ ধন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 26, 2020 4:50 pm

চৰকাৰে অহা তিনি মাহৰ বাবে বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীসকলৰ ই পি এফৰ সম্পূৰ্ণ ধন পৰিশোধ কৰিব। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি এই কথা ঘোষণা কৰে।

ক’ৰ’না ভাইৰাছৰ ফলত দেশত উদ্ভৱ হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

বিত্ত মন্ত্ৰী গৰাকীয়ে জনোৱা মতে চৰকাৰে কৰ্মচাৰী আৰু নিয়োগকৰ্তা দুয়ো ফালৰে ই পি এফ কনট্ৰিবিউশ্যন প্ৰদান কৰিব। সাধাৰণতে কৰ্মচাৰী আৰু কৰ্মৰত প্ৰতিষ্ঠানে ই পি এফ কনট্ৰিবিউশ্যনৰ দৰমহাৰ ১২ শতাংশ দিব লাগে।

সৰ্বাধিক ১০০ গৰাকীলৈকে কৰ্মচাৰী থকা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এই সাহায্য প্ৰযোজ্য হ’ব বুলি জানিবলৈ দি লগতে কয় যে  ১৫ হাজাৰ টকাতকৈ কম দৰমহা পোৱা কৰ্মচাৰী সকলেহে এই সুবিধা লাভ কৰিব।

ইয়াৰ উপৰি বিত্ত মন্ত্ৰীগৰাকীয়ে ই পি এফৰ ধন উলিওৱাৰ ক্ষেত্ৰতো কিছু ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে। কৰ্মচাৰীয়ে ৩ মাহৰ মজুৰি বা ৭৫ শতাংশ ন’ন ৰিফাণ্ডেবল এডভান্স নিজৰ পি এফ একাউণ্টৰ পৰা উলিয়াব পাৰিব। ইয়াৰ দ্বাৰা ৪.৮ কোটি কৰ্মচাৰী লাভান্বিত হ’ব বুলি তেওঁ জনায়।