NORTHEAST NOW (Assamese)
অসম

অৱশেষত বিৰোধীৰ প্ৰতিবাদত বাতিল হ’ল ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়ক, ২০১৯

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী August 4, 2022 7:37 am

বিৰোধীৰ প্ৰতিবাদৰ ফলতে চৰকাৰে ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়ক খন বাতিল কৰিবলৈ বাধ্য হ’ল। এই বিধেয়ক খনৰ জৰিয়তে মানুহৰ যিকোনো ব্যক্তিগত তথ্য একপ্ৰকাৰ ৰাজহুৱা কৰিব লাগিলহেঁতেন।

কিন্তু যুটীয়া সংসদীয় সমিতিয়ে বিধেয়কখনত ৮১ টা সংশোধনৰ পৰামৰ্শ দিয়াৰ পিছতে বিধেয়কখন বাতিলৰ সিদ্ধান্ত লোৱা হয়। উল্লেখ্য বিধেয়কখনে ব্যক্তিগত তথ্য লাভত সহায় কৰিলেহেঁতেন। যাৰ ফলত এজন ব্যক্তিৰ চিনাক্তকৰণত সহায় হ’লহেঁতেন।

বিৰোধী দলবোৰে এইবুলি অভিযোগ কৰিছিল যে বিধেয়ক খনে নাগৰিকসকলৰ ব্যক্তিগত তথ্য নিৰীক্ষণ কৰাটো সহজ কৰি তুলিব।

বিধেয়কখন ২০১৯ চনত প্ৰথমে বিশেষ পেনেললৈ প্ৰেৰণ কৰা হৈছিল। ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়কখনৰ বিৰুদ্ধে তেতিয়া বিৰোধী কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ কৰিছিল।

বিৰোধীয়ে এইবুলি দাবী কৰিছিল যে এই বিধেয়কে তথ্যৰ গোপনীয়তা ভংগ কৰি নাগৰিকসকলৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ পূৰ্ণ আশংকা আছে।