NORTHEAST NOW (Assamese)

প্ৰাণঘাতী হৈ পৰিল বিবাহ অনুষ্ঠান; দৰাৰ মৃত্যু, ৯৫গৰাকী অতিথিৰ দেহত কোভিড-১৯পজিটিভ

June 30, 2020 2:32 pm · এন ই নাও নিউজ

এখন বিবাহৰ অনুষ্ঠানত উপস্থিত থকা ৯৫গৰাকী লোকৰ দেহত সোমবাৰে কোভিড-১৯ পজিটিভ ধৰা পৰাৰ লগতে দৰাৰ মৃত্যু হোৱাৰ দৰে কৰুণ ঘটনা সংঘটিত হৈছে।

এই গোটেই ঘটনাটো পাটনাৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ আঁতৰৰ পালীগঞ্জ অঞ্চলৰ।

যোৱা ১৫জুনত এখন বিবাহ অনুষ্ঠানত যোগদান কৰা ৮৫গৰাকী অতিথিৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে।

ইয়াৰ ভিতৰত ৮০গৰাকী লোকৰ কোভিড-১৯ ৰিপ’ৰ্ট সোমবাৰে পজিটিভ আহে।

বাতৰি অনুসৰি, ত্ৰিশ বছৰীয়া দৰাগৰাকী গুৰুগ্ৰামত ছফটৱেৰ অভিযন্তা হিচাপে কৰ্মৰত আছিল আৰু যোৱা ১২ মে’ত বিয়াৰ বাবে পাটনাৰ নিজ গাঁৱ ডিহপালিলৈ আহিছিল।

এই সময়ত তেওঁৰ দেহত কোভিড-১৯ৰ লক্ষণ দেখা গৈছিল যদিও পৰিয়ালে পৰীক্ষা কৰোৱাৰ সলনি তেওঁৰ বিয়া পাতি দিয়ে।

বিয়াৰ দুদিন পাছতে দৰাগৰাকীৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটে আৰু চিকিৎসাৰ বাবে পাটনাৰ এইমছলৈ নিয়াৰ পথত তেওঁৰ মৃত্যু হয়।

এই সমগ্ৰ ঘটনা সম্পৰ্কে যেতিয়া জিলা প্ৰশাসন অৱগত হয় তেতিয়া বিবাহ অনুষ্ঠানত উপস্থিত থকা সকলো অতিথিৰ কৰ’না পৰীক্ষা কৰোৱা হয়।

পৰীক্ষাৰ পাছতে ১৫গৰাকী লোকৰ কোভিড-১৯ পজিটিভ ধৰা পৰে আৰু বাকী ৮০গৰাকী লোকৰ ৰিপ’ৰ্ট সোমবাৰে পজিটিভ আহে।

অৱশ্যে, কোভিড-১৯ৰ পৰীক্ষাত কইনাৰ ৰিপ’ৰ্ট নিগেটিভ আহে।

কোভিড-১৯ প্ৰতিৰোধৰ নিয়ম উলংঘা কৰি নিৰ্দিষ্ট ৫০গৰাকীৰ ঠাইত গাঁৱৰ শতাধিক লোক বিয়াখনত উপস্থিত আছিল।

স্বাভাৱিকতে এটা শুভ আৰু আনন্দৰ অনুষ্ঠান প্ৰাণঘাতী অনুষ্ঠানলৈ পৰিণত হোৱাৰ বাবে পৰিয়াল তথা অতিথিসকলৰ অসাৱধানতাই কাৰণ হৈ পৰিল।

Related News