NORTHEAST NOW (Assamese)

কৃত্ৰিম চুলি পৰিধান কৰি বিয়া পাতিলে দৰাই! বিয়াৰ পিছত স্বামীৰ আচল ৰূপ দেখি  প্ৰতাৰণাৰ অভিযোগ পত্নীৰ

January 7, 2026 10:51 am · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত এখন চিনেমাৰ কাহিনীৰ দৰেই এক আচৰিত ঘটনা পোহৰলৈ আহিছে। এজন ব্যক্তিয়ে বিয়াৰ আগতে নিজৰ তপা মূৰ লুকুৱাবলৈ কৃত্ৰিম চুলি পৰিধান কৰি এগৰাকী মহিলাক প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

কেৱল সেয়াই নহয়, বিয়াৰ পিছত পত্নীৰ ব্যক্তিগত ছবি তুলি সেইবোৰ সামাজিক মাধ্যমত বিয়পাই দিয়াৰ ভাবুকি দি ধন দাবী কৰাৰো অভিযোগ উঠিছে স্বামীৰ বিৰুদ্ধে। এই সন্দৰ্ভত ভুক্তভোগী মহিলাই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে স্বামীসহ পৰিয়ালৰ পাঁচজন সদস্যৰ বিৰুদ্ধে প্ৰতাৰণা, মাৰপিট আৰু যৌতুক নিৰ্যাতনৰ গোচৰ ৰুজু কৰিছে।

অভিযোগ অনুসৰি নতুন দিল্লীৰ প্ৰতাপ বাগ এলেকাৰ এজন যুৱকৰ সৈতে মহিলাগৰাকীৰ বিবাহ স্থিৰ হৈছিল। বিয়াৰ আগতে যুৱকজনে সদায় কৃত্ৰিম  চুলি পৰিধান আছিল যাতে তেওঁৰ মূৰত চুলি নথকাৰ কথা কোনেও গম নাপায়। তেওঁ মহিলাগৰাকীক কৈছিল যে তেওঁৰ সামান্য চুলি সৰা সমস্যা আছে। কিন্তু বিয়াৰ পিছত যেতিয়া তেওঁলোকৰ সংসাৰ আৰম্ভ হ’ল, তেতিয়াহে আচল সত্যটো ওলাই পৰিল। পত্নীয়ে যেতিয়া গম পালে যে স্বামীয়ে তেওঁৰ পৰা এটা ডাঙৰ সত্য লুকুৱাই বিয়া কৰিছে, তেতিয়া তেওঁ ইয়াৰ প্ৰতিবাদ কৰে। ইয়াৰ পিছৰ পৰাই স্বামী আৰু শাহু-শহুৰৰ পৰিয়ালে তেওঁৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে বুলি মহিলাই অভিযোগ কৰিছে।

মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে তেওঁৰ স্বামীয়ে মোবাইলত তেওঁৰ কিছুমান ব্যক্তিগত ছবি তুলি ৰাখিছিল। সেই ছবিবোৰ ইণ্টাৰনেটত দি দিয়াৰ ভয় দেখুৱাই তেওঁৰ পৰা টকা আদায় কৰিবলৈ চেষ্টা কৰা হৈছিল। মানসিক নিৰ্যাতনৰ লগতে তেওঁক মাৰপিট কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰিছে।

অভিযোগ অনুসৰি তেওঁৰ পৰা প্ৰায় ১৫ লাখ টকাৰ অলংকাৰ কাঢ়ি লৈ তেওঁক ঘৰৰ পৰা উলিয়াই দিয়া হৈছে। বৰ্তমান আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। বিসৰখ থানাৰ আৰক্ষী বিষয়াই জনোৱা মতে মহিলাগৰাকীৰ মোবাইল ফোন আৰু আৰ্থিক লেনদেনৰ তথ্য পৰীক্ষা কৰা হৈছে আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Related News